এপলক উভতি চাওঁ পাৰ হৈ যাব খোজা বছৰটোক….. – মানসী মিশ্ৰ

Pc Vecteezy

এপলক উভতি চাওঁ পাৰ হৈ যাব খোজা বছৰটোক…..

মানসী মিশ্ৰ

আমাৰ সমুখত মাত্ৰ কেইটামান দিন । চকুৰ পলকতে শেষ হৈ যাবলৈ ওলাইছে সৌ সিদিনা আৰম্ভ হোৱা বৰ্ষটো।এনেদৰে একোটা মাহ পাৰ হৈ যায় তাৰ পিচত একোটি বছৰ।। প্ৰতিটো বছৰেই আমাক কিছু দি যায় আৰু  কিছু লৈ যায়। প্ৰতিটো বৰ্ষতেই ইতিবাচক, নেতিবাচক দুইধৰণৰ খবৰেই থাকে । দুই ধৰণৰ কাৰ্য্যকলাপে এটি বছৰক আগুৰি ৰাখে। ইয়াৰ মাজেদিয়ে সময়ৰ সতে খোজ মিলাই আগবাঢ়ি যায়। নিজৰ কৰ্মব্যস্ততাৰ বাবেই হওঁক নতুন অন্য কোনো কর্মব্যস্ততাৰ বাবেই হওঁক নতুবা অন্য কোনো কাৰণতেই হওঁক খুব খৰ গতিৰে সময়বোৰে বাগৰ সলায় । বছৰটো শেষ হবলৈ ওলোৱা সময়ত আমি যেতিয়া হিচাপ নিকাচ কৰি চাওঁ তেতিয়াহে বছৰটোৰ সফলতা, বিফলতাৰ খতিয়ানৰ প্রকৃত চিত্রখন আমাৰ সমুখত ধৰা দিয়েহি।

এনেদৰেই ২০২১ বর্ষটো আমাৰ চকুৰ সমুখত মেলানি মাগিবলৈ ওলাইছে। ডিচেম্বেৰ মাহ এতিয়া । সন্মুখত মাত্ৰ কেইটামান দিন । গতিকে স্বাভাবিকতে ২০২১ বৰ্ষটোৱে আমাক কি দিলে আমাৰ পৰা কি নিলে, সেই সকলো কথাই মনলৈ আনে আৰু সেই কথাখিনি বছৰটোৰ শেষত  চালিজাৰি চাব  বিচৰা হয়। সামগ্রিকভাবে বিচাৰ কৰি চালে গম পোৱা যায় ২০২১ বর্ষৰ  আৰম্ভণিৰ পৰা শেষলৈ কোভিড  মহামাৰীৰ  দ্বিতীয়টো ঢৌৱে ৰাজ্যখনক বেয়াকৈ জুৰুলা কৰিলে, বহুলোক সংক্রমিত হল। বহুলোকৰ মৃত্যু হল কোভিদৰ এই দ্বিতীয় ঢৌত । একোখন সংসাৰ উচন হৈ যোৱাৰ দৰে হ’ল । বহু ল’ৰা-ছোৱালী অনাথ হল । পিতৃ-মাতৃৰ মৰম স্নেহৰ পৰা বঞ্চিত হল । ইয়াৰ মাজতে সময়বোৰ আগবাঢ়ি বছৰটো শেষ হবলৈ ওলাইছে ।

এতিয়া যদি আমি আপেক্ষিকভাবে বিশ্লেষণ কৰি চাওঁ যে ২০২১ বর্ষটো ৰাজ্যৰ মহিলা যুৱতীসকলৰ বাবে কেনেকুৱা আছিল সেই ক্ষেত্ৰতো আমি যিখন সঁচা ছবি দেখিবলৈ পাওঁ, সেয়াও ৰাজ্যৰ বাবে ইমান সন্তোষ জনক নহয় । অৱশ্যে ৰাজ্যখনত বছৰটোৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা বিধানসভাৰ নির্বাচনত শ্রীমতী অজন্তা নেওগ বাইদেউক মন্ত্রীসভা বিত্তবিভাগৰ দৰে এক উল্লেখযোগ্য ইতিবাচক দিশ বহন কৰিছে আৰু আমাৰ সমাজখনত মহিলাই এনে গুৰুত্বপূর্ণ পৰস্পৰা কেনেকৈ বহন কৰিব পাৰে বুলি এক প্রচলিত পৰম্পৰা আছে । সেই পৰম্পৰাক বহু পৰিমাণে ভংগ কৰিবলৈ সক্ষম হৈছে। সমাজকল্যাণ বিভাগৰ জৰিয়তে ২৫ নভেম্বৰৰ পৰা ১০ ডিচেম্বৰ লৈকে মহিলাৰ বিৰুদ্ধে হিংসা বিৰোধী অভিযানটো সমূহ জিলাতে প্রণালীবদ্ধভাৱে পালন কৰা হ’ল। মহিলাসকলে যাতে ৰাজ্যখনৰ সকলো প্রান্ততে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ বাবে তৃণমূল পর্য্যায়ৰ পৰা চহৰ পৰ্য্যায়লৈ সকলো মহিলাক সুৰক্ষা প্রদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই কাৰ্য্যসূচীৰ জৰিয়তে। মহিলা সকলৰ সুৰক্ষাৰ বাবে ইতিমধ্যে নতুনকৈ সবল আইন প্ৰণয়ন আৰু ইতিমধ্যে প্ৰণয়ন হৈ থকা আইন সমুহৰ বিষয়ে সকলো স্তৰৰ ৰাইজক অধিক সজাগতা দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় |

ইয়াৰ লগে লগে আমাৰ ৰাজ্যখনত ডাইনীৰ দৰে এক ভয়াবহ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে অবিৰতভাৱে সংগ্রাম চলাই যোৱা বীৰুবালা ৰাভা বাইদেউক পদ্মশ্রীৰ দৰে এক সন্মানীয় স্বীকৃতি প্রদান কৰাতো নি:সন্দেহে আমাৰ সমগ্র ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ বিষয় | বীৰুবালা ৰাভা বাইদেৱে ওৰেটো জীৱন ৰাজ্য খনৰ বিভিন্ন অঞ্চলত ডাইনী নামৰ ভয়াৱহ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সংগ্রাম  কৰি গৈ আজি পদ্মশ্ৰীৰ দৰে সন্মান বুটলিবলৈ সক্ষম হৈছে |এয়া আমাৰ সমগ্র ৰাজ্যবাসীৰ বাবে নি:সন্দেহে গৌৰৱৰ বিষয় |বাইদেউ আমাৰ সমাজ খনৰ বাবে এক আদৰ্শ আৰু প্রেৰণাৰ প্রতীক | নতুন প্রজন্মৰ মাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে মাত মাতিবলৈ বাইদেউ প্রেৰণাৰ প্রতীক হওঁক,আমি সকলোৱে সেয়াই আশা কৰিম|

ইয়াৰ লগে লগে ক্ৰীড়াৰ জগত খনতো এই বৰ্ষটোত আমাৰ ৰাজ্যখনে ক্ৰীড়াৰ ক্ষেত্ৰতো সফলতা বুটলি আনিবলৈ সক্ষম হৈছে | লাভলীনা বৰগোহাঞি এ অলিম্পিকত পদক বুটলি আনি আমাৰ অসমৰ দৰে সৰু ৰাজ্য এখনক বিশ্বৰ মানচিত্ৰত পৰিচয় কৰাই দিলে | আমি প্রত্যেকেই অতিশয় আনন্দিত উঠি অহা এই খেলুৱৈ গৰাকীৰ এই সফলতাত |

বছৰটোৰ শেষৰ ফালে ছোৱালী সকলৰ উত্তৰণ আৰু উন্নয়নৰ নিৰ্মিত্তে পাঁচ খন জিলাত ইতিমধ্যে প্রৱৰ্তিত হৈ থকা বেটি পঢ়াও বেটি বচাও এই আঁচনি খন ৰাজ্য খনৰ আন সকলো জিলালৈ প্রৱৰ্ত্তন কৰাটো নি:সন্দেহে আমাৰ সকলোৰে বাবে ইতিবাচক খবৰ | এইদৰে কমকৈ হলেও সফলতাৰ খবৰে আমাক আনন্দিত কৰিছে বছৰটোৰ ভিতৰত | শেহতীয়াভাৱে সূৰ্য্য হেনো নামি আহে এই নদীয়েদি এই বিখ্যাত কাব্য গ্রন্থৰ স্রষ্টা বিশিষ্ট কবি নীলমণি ফুকন দেৱলৈ জ্ঞানপীঠ বঁটা ঘোষণাৰ পিচত প্রতিজন অসমীয়াই গৌৰৱ বোধ কৰিছে আৰু এই স্বীকৃতিয়ে অসমীয়া কাব্য সাহিত্যক এক বিশেষ দিশলৈ আগবঢ়াই লৈ গ’ল | এয়া ৰাজ্য বাসীৰ বাবে নি:সন্দেহে গৌৰৱৰ বিষয় |

বছৰটোৰ শেষৰ ফালে ছোৱালী সকলৰ উত্তৰণ আৰু উন্নয়নৰ নিমিত্তে পাঁচ খন জিলাত ইতিমধ্যে প্রৱৰ্তিত হৈ থকা বেটি পঢ়াও বেটি বচাও এই আঁচনি খন ৰাজ্য খনৰ আন সকলো জিলালৈ প্রৱৰ্ত্তন কৰাটো নি:সন্দেহে আমাৰ সকলোৰে বাবে ইতিবাচক খবৰ | এইদৰে কমকৈ হলেও বছৰটোৰ ভিতৰত কেইটামান ইতিবাচক খবৰে সকলোৰে মনলৈ এক আশা আনি দিলে | ভবিষ্যতৰ বাটত আগবাঢ়ি যাবলৈ পথ দেখুৱাই  দিলে | এই আশাব্যঞ্জক খবৰবোৰৰ লগতে বহুতো নেতিবাচক ঘটনা প্ৰবাহে ৰাজ্যখনৰ মহিলা যুৱতীসকলক বাৰুকৈয়ে চুই গৈছে। বছৰটোৰ মাজভাগত ধেমাজি জিলাৰ মৰিঢল অঞ্চলত নন্দিতা শইকীয়া নামৰ এগৰাকী অত্যন্ত মেধাবী আৰু প্ৰতিভাৱান ছাত্ৰীৰ ঘাতকৰ দাৰ ঘাঁপত অকাল মৃত্যু হৈছিল। এই ঘটনাই সমগ্ৰ ৰাজ্যখনতে তোলপাৰ লগাইছিল। ইয়াৰ পিছতেই গড়চুক অঞ্চলতো ঘটিছিল মহিলা হত্যাৰ ঘটনা। মহানগৰীত দিনদুপৰতে ঘটি যোৱা এনে মহিলা হত্যাৰ ঘটনাই আমাৰ ৰাজ্যৰ আইন শৃঙ্খলা পৰিস্থিতিৰ ওপৰত স্বাভাৱিকতে প্ৰশ্নৰ অৱতাৰণা কৰে। ইয়াৰ উপৰিও ৰাজ্যৰ কেইবাখনো ঠাইত অপহৰণ, ধৰ্ষণৰ দৰে ঘটনা ঘটিয়েই আছে। ইয়াৰ উপৰিও বছৰটোৰ প্ৰায় শেষৰ ফালে মহানগৰীৰ বেলতলাত এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তা আৰু তেওঁৰ বয়সীয়া পত্নীক দিন দুপৰতে হত্যা কৰি ঘৰৰ ভিতৰতে পেলাই থৈ যোৱা ঘটনাটোৱে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। যিকোনো ঠাইত এনেধৰণৰ ঘটনা ঘটিলেই ৰাজ্যব্যাপি তীব্ৰ প্ৰতিবাদ জনোৱা হয়। ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰাৰ বাবে দাবী তোলা হয়। কিন্তু কেইদিন সকলো আকৌ নিতাল মাৰে। বিচাৰ প্ৰক্ৰিয়াটোৰ পৰা অৰ্থাৎ আৰম্ভণিৰ পৰা শেষলৈ ধৰি ৰাখিবলৈ আমাৰ বিচাৰ ব্যৱস্থাত নিশ্চয় বহুত কৰণীয় আছে যাৰ ফলত ভুক্তভোগী আৰু তেওঁৰ পৰিয়ালে উপযুক্ত সময়ত উচিত বিচাৰ লাভ নকৰে। এই লেহেমীয়া আইনী ব্যৱস্থাৰ শীঘ্ৰে পৰিবৰ্তন ঘটাব লাগে ৰাজ্যখনত। আমাৰ ৰাজ্যত দিনক দিনে ইমান ভয়াবহ হাৰত মহিলাৰ এপৰত হোৱা হিংসাত্মক আক্ৰমণ বাঢ়ি গৈছে যে এইক্ষেত্ৰত আমাৰ ৰাজ্যখন পঞ্চম স্থানত আছে। সমাজত শিক্ষিত প্ৰায় সকলো মানুহে জানে যে সংবিধানে মানুহক আইনী সুবিধা আৰু অধিকাৰ দিছে। এই সমূহ কথা লিখা পঢ়া কৰা টাউন চহৰৰ মানুহৰ ভিতৰতে সীমাবদ্ধ থাকিলে নহ’ব যিহেতু মহিলাৰ হিংসাৰ বিষয়টো কেৱল চহৰ অথবা গাওঁ অঞ্চলৰ ভিতৰতে সীমাবদ্ধ হৈ থকা নাই। সেয়েহে প্ৰচলিত আইনী ব্যৱস্থাৰ বিষয়ে পাঁও আৰু ভিতৰুৱা অঞ্চলত বাস কৰা লোক সকলেও ভালদৰে বুজি উঠিব লাগিব সেয়েহে আমি পাৰ হৈ যাব খোজা বছৰটোত লাভ কৰা অভিজ্ঞতাসমূহেৰে আহিবলগীয়া দিনসমূহত মহিলাৰ ওপৰত হোৱা হিংসা ৰোধ কৰিবলৈ হাতে কামে লগা উচিত।