এন আৰ এলৰ পকী দেৱাল ভাঙি পুনৰ শোধনাগাৰ চৌহদত প্ৰৱেশ প্ৰকাণ্ড বন্যহস্তীৰ

P.c.- The Sentinel Assam

এন আৰ এলৰ পকী দেৱাল ভাঙি পুনৰ শোধনাগাৰ চৌহদত প্ৰৱেশ প্ৰকাণ্ড বন্যহস্তীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ এন আৰ এলৰ পকী দেৱাল ভাঙি শোধনাগাৰ চৌহদৰ গ্ৰীন বেল্ট এলেকাত এটা প্ৰকাণ্ড হাতীয়ে প্ৰৱেশ কৰে৷ শোধনাগাৰটোৰ মূল প্ৰকল্পৰ পূৰ্বে থকা গ্ৰীন বেল্ট এলেকাৰ পকী দেৱাল ভাঙি প্ৰৱেশ কৰে হাতীটোৱে। হাতীটোক লৈ তীব্ৰ আতংকই বিৰাজ কৰে শোধনাগাৰৰ চৌহদত। হাতীটো আঁতৰাই পঠিয়াবলৈ বকিয়াল খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী আৰু নুমলীগড় আৰক্ষীৰ যুটীয়া অভিযান চলে। প্ৰায় ডেৰ ঘন্টাৰ অন্তত নিজেই উক্ত স্থানৰ পৰা ওলাই 39 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি হাতীটোৱে লেটেকুজান চাহ বাগিচাত প্ৰৱেশ কৰে। ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰে শতাধিক যানবাহন। ইফালে প্ৰকাণ্ড হাতীটোক লৈ শোধনাগাৰৰ সমীপৱৰ্তী বৃহৎ এলেকাত বৰ্তমানেও তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। উল্লেখ্য যে দুদিন পূৰ্বেও এই হাতীটোৱে পকী দেৱাল ভাঙি প্ৰৱেশ কৰিছিল শোধনাগাৰৰ চৌহদত।