এনাজৰি . ড° লৱ ঠাকুৰীয়া

pc-helpguide.org
এনাজৰি
. ড° লৱ ঠাকুৰীয়া
তুমি বুজানে ভালপোৱা
কল্পনামধুৰ নিভাজ
সপোনৰ দিঠক যাত্ৰা
ম’বাইলটো বাৰে বাৰে চাওঁ
আহিছেনে তোমাৰ সহাৰিঁ
হোৱাটছ এপ, মেছেনজাৰ, টেস্ক মেছেজ ….
এফ বিত আপোলোড
কবিতাবোৰত
তোমাৰ কমেণ্ট ….
মনত এটাই সপোন
তুমি মোৰ কল্পনাৰ অতিকে আপোন
মনৰ পদুলিত তোমাৰ প্ৰতিচ্ছবি
ক্ষন্তেক আতৰি গ’লেই
অস্থিৰ মন
চেতনাবিহীন ।
উকা কলিজাত
প্ৰণয়ৰ আবিৰ হৈ
বিয়পি থকা তুমিয়েটো
মোৰ ৰঙা পলাশ
আজীৱন এবুকু
মৰমৰ অবিছিন্ন
আত্মিক এনাজৰী ।