এতিয়াও পলাতক খালিস্তানৰ সমৰ্থক অমৃতপাল সিং

Pc NDTV.com

এতিয়াও পলাতক খালিস্তানৰ সমৰ্থক অমৃতপাল সিং

ৰঙিলী বাৰ্ত্তাসেৱা- এতিয়াও পলাতক খালিস্তানৰ সমৰ্থক অমৃতপাল সিং। ৱাৰিছ দে পাঞ্জাৱ নামৰ সংগঠনটোৰ মুৰব্বী অমৃতপাল সিঙক ১৮ মাৰ্চত সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি বাতৰি আহিছিল যদিও পৰৱৰ্তী সময়ত পাঞ্জাৱ আৰক্ষীয়ে এই সন্দৰ্ভত দিয়া নতুন তথ্য অনুসৰি সেইয়া অমৃতপাল সিং নহয় বৰং তেখেতৰ সহযোগী আৰু গাণিনিক পৰামৰ্শদাতা হে আছিল ।সমগ্ৰ পাঞ্জাৱ এতিয়া প্ৰতিবাদত উত্তাল।  প্ৰতিবাদী তথা খালিস্তানৰ সমৰ্থকসকলে যাতে কোনো কাৰণতেই সংযোগ স্থাপন কৰিব নোৱাৰে তাৰ কাৰণে কৰ্তন কৰা হৈছে ইন্টাৰনেট, এচ এম এচ সেৱা ।আৰক্ষীয়ে বৰ্তমানলৈ সংগঠনটিৰ ৭৮ জন সদস্য তথা খালিস্তানৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।আৰক্ষীৰ মন্তব্য অনুসৰি, অমৃতপাল সিং তথা সংগঠনটিৰ শীৰ্ষ সদস্য সকলে পাকিস্তানৰ আই এছ আই আৰু বিদেশৰ বহু কেইটা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি আহিছিল । যাৰ বাবেই উগ্ৰ জাতীয়তাবাদে মোহাচ্ছন্ন কৰি পেলোৱা নেতাগৰাকীয়ে সততেই ৰাজহুৱা স্থানত সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে ভাৰতৰ পৰা বিচ্ছিন্ন হৈ স্বাধীন খালিস্তানৰ সমৰ্থনত মাত মাতি আহিছে ।