এটি স্নেপশ্বট- অবুজ মনৰ কিছু অবুজ কথা—

এটি স্নেপশ্বট- অবুজ মনৰ কিছু অবুজ কথা—

অনুভৱৰ কৰণিত ডুব গৈ ভাল পাওঁ বাবেই হয়তো অনুভৱৰ সুগন্ধিবোৰ যেতিয়া মনৰ পৰ্দাত প্ৰতিবিম্বিত হ’বলৈ ধৰে তেতিয়াই আৰম্ভ হয় বৰ্ণ, শব্দ আৰু কলমৰ কথোপকথন । জীৱন, সময়, প্ৰেম, বিষাদে আকুল কৰা হৃদয়ত ঝংকাৰিত হয় অনুভৱৰ আত্ম কথন । এটি এটিকৈ অনুভৱে হৃদয়খনত গঠন কৰিবলৈ আৰম্ভ কৰে হৃদয় কুঞ্জ। জন্ম হয় এটি এটিকৈ অনুভৱৰ মালিতা । কেতিয়াবা যদি আঙুলি কেইটা কলমেৰে উকা কাগজত, আন কেতিয়াবা আকৌ আঙুলি কেইটা মোবাইলৰ পৰ্দাত লৰাই লৰাই আজিৰ এই সময় পাইছোহি । আজিও অবুজ মনৰ কিছু অবুজ কথাৰ ভাগ আপোনালোককো একাঁচল দিও বুলি মোবাইলৰ পৰ্দাত আঙুলি কেইটা লৰাবলৈ আৰম্ভ কৰিছো…।

বেনামী চহৰত সেয়া চাগে দুপৰীয়াৰ কথক !  কিছু মধুৰ সময়ে কি লৈ আনিছে চোৱা ! এগালমান সুমথিৰাৰে সুমথিৰঙীন গল্প কথনা !  দুপৰ বেলিয়ে লৈ যায় মাঁথোন অনেক কাহিনীৰ আঁত ধৰি প্ৰেমৰ অৰণ্যত অাধা সিজাঁ সাধুটি লৈ… !

ভৰিৰে খোপনি পুতি কোনোমতে পথাৰোহীবোৰে গতি লোৱা দেখা পোৱা গৈছিল তাই বহা ঠাই টুকুৰাৰ পৰা ! এখন চকীৰে আৰম্ভ হৈছিল প্ৰেম নামৰ দুটি শব্দৰে গঁথা মায়াৰ পৃথিৱীখন । জীৱনে যে কিবা এটা বিচাৰিছিল সেইদিনা অনুভৱ হৈছিল । লাহে লাহে সংস্পৰ্শ বাঢ়ি আহিল….বাঢ়িল ভালপোৱাৰ ৰঙবোৰ । কিয় জানো উক দি আহে সেই সময় ! ভাৱি ভাললগা ! লাহে লাহে অস্থায়ী হৈও চিৰস্থায়ী হৈ ৰোৱা যেন লাগিছিল তাই স’তে কটোৱা সময়কণ । বুকুৰ কোনোবাখিনিত দ ঠাই লৈছিল । কেইখিলামান হালধীয়া সৰাপাত ! ফুলি সৰিম বুলি জানিও ফুলি উঠা কাঞ্চনমতী ফুলৰ দৰেই সহযাত্ৰী হ’ল তাই জীৱন যাত্ৰাত । বনৰীয়া হৈয়ো ব্যস্ত মহানগৰীৰ ফুটপাথত সমস্বৰে গাবলৈ আৰম্ভ কৰিলো—‘বনৰীয়া আমি বনৰ চৰাই, বনে-বনে ফুৰোঁ অনাই-বনাই/ অনাই-বনাই অ’ অনাই-বনাই’ । ৰ’দময় এই সময়ে টগ্ বগাই উজাই লৈ যাব ধৰিলে ক্ৰমশঃ দূৰলৈ, গৈ থকা জীৱন নাওখন অনন্ত অপেক্ষাৰ সিটোপাৰলৈ ! ইঘাটত ৰিঙিয়াইছো সিঘাটত তাই নামৰ চৰাইটিয়ে উৰিব ধৰিছে । চিঁ-চিঁঞনিৰে ঢপ্ ঢপাই ডেউকা মেলিলেছোন বুকুৰ প্ৰান্তলৈ…।

এই যে লগ হ’লোঁ আমি এৰি থৈ আহিলোঁ অলপ চকুপানী…। দিব পৰাকৈ দুয়োৰে তাত এই বস্তুবিধেই উভৈনদী । তথাপিও আমি হাঁহো জীৱনৰ কথা ভাবি ভাবি । সৰু সৰু কথাৰে স্মৃতিভৰা জীৱন…পুৰণি কথক সামৰি এই সময় হৈ পৰিব এদিন আওঁপুৰণি…। থমকি যে নৰয় সময় তথাপি ৰৈ যোৱা হ’লে, কেতিয়াবা ভাৱো! উপেক্ষিত নে অপেক্ষিত সময় পেণ্ডুলাম ! বৈ যায় সময়, ৰৈ যায় স্মৃতি । অতীত বৰ্তমান গছকি সময়ৰ যোৰা-টাপলি মাৰি এটা নীল উপলদ্ধি…।

সুমথিৰা টেঙাবোৰ পকিছে…অনুচ্ছাৰিত শব্দবোৰ ধৰফৰাই উঠিছে…কি এক মোহতবন্দী এই যোগসন্ধি সময়…এৰি দিবও নোৱাৰি ধৰি ৰাখিবও নোৱাৰি…জোখতকৈ বেছি আৱেগিক….। ওৰেটো জীৱনলৈ এবোজা স্মৃতিময় হালধীয়া সঁফুৰা কঢ়িয়াই নতুন দিনলৈ গতি…। সময়,জীৱন আৰু এটা পুৰণি গল্প সামৰি উপসংহাৰত বুজি উঠিলোঁ এপাহি ফুলৰ স্পৰ্শই  স্বৰ্গসুখ আনিলে…।

কি এই সময়,মানুহ…আত্মীয়তা….হৃদয়ৰ বান্ধোন…অনামিকাৰ পৰশত চৰাইজনীৰ কঁপাল সেন্দুৰীয়া হ’ল ! উপভোগ্য সময়ে লগ কৰালে অচিনাকিৰ চিনাকি মানুহ…পিছলৈ হিয়াৰ একোণত আখোজা বহল ঠাই বহন ! এনেদৰে অবুজ মনৰ অবুজ কথাবোৰেৰে সম্পৰ্কটোৱে জীৱনৰ বাট বুলিবলৈ আৰম্ভ কৰিছে । গৈ আছে….গৈ আছে….মাথোঁ গৈ আছে…..॥

 

উৎপল কলিতা(বাবু),

মঙলদৈ, দৰং

যোগাযোগ নং :- 6000051532