এটি সত্য ঘটনা- অঞ্জুমণি শইকীয়া 

Pc Shutterstock

এটি সত্য ঘটনা

( এসপ্তাহৰ আগতে আমাৰ পুত্ৰ মিৰ্জাৰ মানুহ এঘৰলৈ ফুৰিবলৈ যাওঁতে গৃহস্থই তেওঁৰ জীৱনৰ কাহিনী এটা কৈছিল ৷ কাহিনীটো তেওঁ কৈ থকাৰ দৰেই লিখিবলৈ চেষ্টা কৰিলো ৷ )

মোৰ মামাৰ ঘৰ বশিষ্ঠত ৷ সৰুৰে পৰা মই মামাৰ ঘৰলৈ অক’লে যাওঁ ৷ বিশেষকৈ , বাৰীৰ পাচলি , ফল – মূল , পুখুৰীৰ মাছ আদি দিবলৈ গৈ থাকোঁ ৷ সেই সময়ত ম’বাইল নাছিল ৷ এল পি স্কুলত পঢ়ি আছিলো ৷ মামাৰ ঘৰলৈ যাওঁতে বশিষ্ঠলৈ বুলি লিখি থোৱা বাছখনত উঠো আৰু ৰাতিটো থাকিপিছদিনা গুচি আহোঁ ৷ কেতিয়াবা কেইবাদিনো থাকোঁ ৷

এদিন পুখুৰীত ধৰা মাছ দিবলৈ গৈ আবেলি শেষৰ বাছখনত উঠিলো ৷ উঠিবৰ সময়ত লৰালৰিকৈ ’ব’ আখৰটোহে পঢ়িবলৈ পালো ৷ বহু সময়ৰ পিছত বাছ ৰাখিল ৷ এজন এজন কৈ সকলো যাত্ৰী নামি গ’ল ৷ মই খিৰিকীৰে বাহিৰলৈ চালো , ঠাইখন দেখােন অচিনাকি লাগিছে ৷ আন্ধাৰো হ’ল ৷ হেণ্ডিমেনটোৱে ক’লে ,
” ভাইটি , নামা আকৌ ৷”
মই বাছৰ পৰা নামি সুধিলো , “ক’ত ৰখালে ?”
” তুমি ক’ত যাবা ?”
” বশিষ্ঠ ৷”
” খালা আৰু ৷ আমি শ্বিলং পালোহি ৷” এই বুলি কৈ হেণ্ডিমেনটো গুচি গ’ল ৷ মোৰ লাগিল ভয় ৷ কি কৰিম ? অচিনাকি ঠাই ৷ ইফালে ৰাতি হ’ল ৷ সী অনা মাছে মোৰ হাতত জপিয়াই আছে ৷ সেই সময়ত এজন মামাই শ্বিলঙৰ কোম্পানীএটাত কাম কৰে ৷কিন্তু ক’ত থাকে নাজানো ৷ ইফালে – সিফালে চাই থাকোঁতে ইউনিফৰ্ম পিন্ধি চাইকেলৰ সৈতে মামাক অহা দেখি আঁতৰৰ পৰাই হাত দাঙিলো ৷ ওচৰ পোৱাত চাইকেলখন ৰখাই দিলত দেখিলো মামা নহয় ৷ মানুহজনে হিন্দীতে সুধিলে ,” কি হ’ল ? ”
মই কওঁ অসমীয়া , মানুহজনে কয় হিন্দী ৷ তেওঁ ক’লে মই বুজি নাপাওঁ , মই ক’লে তেওঁ বুজি নাপায় ৷ বহুত সময় আকাৰে ইঙ্গিতে বুজাবুজি কৰি থকাৰ পিছত তেওঁ মোক চাইকেলখনত বহাই ল’লে ৷ পঁয়ত্ৰিশ কিলোমিটাৰ আঁতৰত থকা মামাৰ ঘৰ পোৱাৰ পিছত দৰ্জাত ঢকিয়ালো ৷ মামা দৰ্জা খুলি মোক দেখি অবাক হ’ল ৷ সকলো কথা কোৱাৰ পিছত মামাক ক’লো , ” এই মানুহজনক পাঁচশ টকা ভাড়া দিয়া ৷” মামাই মানুহজনক ক’লে , আপুনি ইমান ৰাতি যাবগৈ নালাগে ৷ আজি ইয়াতে থাকক ৷” মানুহজনে ক’লে , “বেয়া নাপাব ৷ মই থাকিব নোৱাৰিম ৷ ”
” আপুনি ল’ৰাটোক সহায় কৰি ডাঙৰ উপকাৰ কৰিলে ৷ এই টকাখিনি লওক ৷”
” মোক একো নালাগে ৷ ভগৱানক ধন্যবাদ দিয়ক মই যে ল’ৰাটোক আপোনাৰ ওচৰলৈ নিৰাপদে আনিব পাৰিলো ৷ ” একো নোলোৱাকৈ চাইকেলখনৰ সৈতে মানুহজন আন্ধাৰৰ লগত মিলি গ’ল ৷

কেইবাটাও বছৰ বাগৰিল ৷ ব’লে ব’মৰ শেষৰদিনা গান বাজনাৰ অনুষ্ঠান চলি থাকোঁতে হোটেল এখনত খাবলৈ সোমালো ৷ মই বহা চকীখনৰ কাষতে গৰাকী নোহোৱা টকাৰ বেগ এটা পালোঁ ৷ বাহিৰলৈ ওলাই আহি টকাখিনি গণি চালো দুই লাখ সত্তৰ হাজাৰ ৷ কি কৰিম ? কাক ক’ম ? ক’লেই বহুতেই “ মোৰ মোৰ “ বুলি চিঞৰিব ৷ অনুষ্ঠানটোলৈ গৈ মাইকত ক’লো , “ মই টকাৰ বেগ এটা হেৰাই পাইছো ৷ বেগটোত কিমান নোট আছে , কি কি নোট আছে সকলো প্ৰমাণ দিব পাৰিলে বেগটো দিম ৷“ ঘোষণা শুনি “ মোৰ হেৰাল “ বুলি কেইবাজনো আহিল ৷ কিন্তু কিমান টকা ক’ব নোৱাৰিলে ৷ অৱশেষত এজন বিহাৰী মানুহ আহিল ৷ তেওঁ বেগটোৰ ৰং , টকাৰ পৰিমাণ , পঞ্চাশ টকাৰ নোট , এশ টকাৰ নোট কেইখন আছিল সকলো শুদ্ধকৈ ক’লে ৷ তেখেতক বেগটো দিয়াৰ পিছত মোক দুহাজাৰ টকা দিলে ৷ কিন্তু মই নললো ৷ মই যে মোৰ সাত বছৰ বয়সত ৰাতি চাইকেলত বহুৱাই মামাৰ ঘৰত থৈ অহা ভগৱান সদৃশ বিহাৰী মানুহজনক এতিয়াও বিচাৰি ফুৰিছো ৷

– অঞ্জুমণি শইকীয়া 
যোৰহাট , মালৌ- আলি