এটি শিশুৰ পৰা এজন সু-সন্তুলিত ব্যক্তিলৈ- কৌশল্যা বৰা

pc popsugar

এটি শিশুৰ পৰা এজন সু-সন্তুলিত ব্যক্তিলৈ

কৌশল্যা বৰা

 

এষাৰ কথা সঁচাই বৰ মনত ৰৈ যোৱাকৈ আকৰ্ষণীয়-‘এটি শিশু বিশ্বৰ তৃষ্ণা পূৰ কৰিব পৰা অবৰ্ষিত বৰ্ষা।’ পৃথিৱীখনক সুন্দৰ কৰি গঢ়ি তুলিছে মানুহেই। আজিৰ প্ৰভাৱশালী শিশুহঁতে কাইলৈৰ সভ্যতাক ন ন ৰূপেৰে সাজু কৰি তুলিব। নতুন সম্ভাৱনাৰে জন্ম লোৱা আজিৰ আমাৰ শিশুটি কাইলৈ বিশ্বৰ খিয়াতি। সেই কথা বুজিয়েই এটি শিশুৰ সৰ্বাংগীন বিকাশৰ কাৰণে তাৰ জন্মদাতা পিতৃ-মাতৃ নতুবা অভিভাৱকে সকলো ধৰণৰ চেষ্টা কৰে। নিজে পৰাখিনি কৰাৰ উপৰিও দহজনৰ পৰামৰ্শও বিচাৰে,নিজৰ সন্তানটিক সজ শিক্ষাৰে শিক্ষিত কৰি মানুহৰূপে গঢ়ি তুলিবলৈ। কিন্তু শিশুটিৰ শিক্ষা কেতিয়াৰ পৰা আৰম্ভ কৰিব।প্ৰকৃতাৰ্থত শিশু এটিৰ শিক্ষা আৰম্ভ হয় জন্মৰ পৰাই।জন্মৰ পাছৰ পৰা পাঁচ বছৰলৈ এটি শিশুক আহাৰ, কাপোৰ, জিৰণি, নিদ্রা, দৈহিক যত্নৰ বাবে সহায়ৰ প্ৰয়োজন হয়। এই সময়ৰ সহায়, যত্নখিনিৰ পৰাই শিশুৱে একো নুবুজাকৈয়ে সময়ৰ জ্ঞান আয়ত্ব কৰে। পিতৃ-মাতৃ বা অভিভাৱকে শিশুৰ এই কামখিনি কৰোঁতে তাতেই শিশুটিয়ে সময়ানুৱৰ্তী, পৰিস্কাৰ পৰিৱেশ, সুস্থ জীৱন প্ৰণালী, মাতৃভাষাৰ বুনিয়াদী জ্ঞান, মৰম, যত্ন, ভাল আচৰণ আদিৰ প্ৰভাৱত আহে। যিবোৰে ভৱিষ্যত গোটেই জীৱনক প্ৰভাৱিত কৰেগৈ। সচেতন সকলো পিতৃ-মাতৃ আৰু অভিভাৱকেই সেইসমূহ অতি নিখুঁত ভাৱে সম্পন্ন কৰাৰ চেষ্টা কৰে। সময়ৰ পৰিবৰ্তন হৈছে, আমাৰ শিশু অৱস্থাক এতিয়াৰ শিশুৰ মাজত বিচাৰিলে ভুল হ’ব সঁচা কথা। কিন্তু কিছুমান এনে বিষয় আছে যিবোৰ সৰ্বকালৰ বাবে গ্ৰহণযোগ্য । তাৰ ভিতৰত নৈতিক আৰু আধ্যাত্মিক জ্ঞান অতি উল্লেখযোগ্য। আমাক শিশুকালত শুৱাবলৈ খুৱাবলৈ যত্ন কৰিছিল নিচুকনি গীত, প্ৰাৰ্থনা, সাধুকথা আদিৰে। খোৱা, শোৱাৰ সময়তেই আমি আইৰ কোলাতে কামৰ ভাল-বেয়া,ভগৱানৰ কৃপাত কেনেকৈ ৰত্নাকৰো বাল্মিকী হ’ব পাৰিছিলে,কেনেকৈ কঠোৰ তপস্যা (আন অৰ্থত পৰিশ্ৰম) কৰি প্ৰহ্লাদে ভগৱানক পাইছিল,কেনেকৈ ধ্ৰুৱই ব্ৰহ্মপদ লাভ কৰিছিল এইবোৰ শুনি মনক সুন্দৰ পথেদি আগবঢ়াই নিয়াৰ অজানিত পুলক অনুভৱ কৰিছিলোঁ। কিন্তু,এতিয়াৰ শিশুসকল পূৰ্বতকৈ বহু জটিল পৰিৱেশত ডাঙৰ-দীঘল হৈছে। ইণ্টাৰনেট, ম’বাইলৰ আগমনে শিশুৰ ওপৰতো গুৰুতৰ প্ৰভাৱ পেলাইছে। এতিয়াৰ শিশুৱে ম’বাইল, কম্পিউটাৰ কাষত ৰাখিহে শোৱা, খোৱাৰ কামবোৰ কৰিছে। কৰ্মৰত পিতৃ-মাতৃৰ শিশুৰ যত্নৰ বাবে সময় কমি গৈছে।যিহেতু শিশুটিক কম সময় ওচৰত পাই সেয়ে সেইখিনি সময় তেওঁলোকে তাক মৰমত ডুবাই ৰাখিব বিচাৰে। সময়ৰ অভাৱৰ বাবেই হওক বা নগৰীয়া জীৱনপ্ৰণালীৰ বাবেই হওক বৰ্তমান কোনো শিশুৱেই মামাতৃ-কোলাত সাধু,প্ৰাৰ্থনা আদি শুনিবলৈ নাপায়।আধুনিক জীৱন যাত্রাইও এই দিশত প্ৰভাৱ পেলাইছে। তাৰোপৰি অভিভাৱকৰ অধিক মৰমত আসৈ পোৱা শিশু অবাধ্যও হয়। মৰমৰ সতে সদায় শাসন থকাটো বাঞ্ছনীয়। কেৱল মৰম আদৰ আচহুৱা আলহীৰ ক্ষেত্ৰতহে খাপ খাই। এই ধৰক, দুদিনমান থাকিব তাৰপাছত গুছি যাব, গতিকে সহি-সামৰি থাকক আৰু। কথাটো ঠিক তেনে হ’ব নালাগে। ল’ৰা-ছোৱালীক সৰু সৰু কথাবোৰ সৰুৰে পৰাই শিকাব লাগে মৰমেৰে, বুদ্ধিৰে নতু শাসনেৰে। নুবুজাটোক বুজাওঁতে কিছু শাসনৰ প্ৰয়োজন নুই কৰিব নোৱাৰি। আন এটা কথা স্বীকাৰ্য যে, পিতৃ-মাতৃৰ যত্নৰ লগে লগে ল’ৰা-ছোৱালীৰ নিজৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰে। লাহে লাহে যেতিয়া শিশু এটি ডাঙৰ হৈ আহে অৰ্থাৎ বাল্যকাল তাৰপাছত কৈশোৰ কালত ভৰি দিয়েহি তাৰ মাজত কিছুমান বৈশিষ্ট্য ফুটি উঠে। নিচেই সৰুতে যেতিয়া শিশু বোৰ মাক-দেউতাকৰ কানি-কামোৰা হৈ থাকে। তেতিয়া সিহঁতৰ স্বভাৱ চৰিত্ৰক ইতিবাচক দিশৰ পিনে গতি লোৱাব পাৰি। কিন্তু এটা বয়সৰ পাছত সিহঁতৰ নিজা চিন্তা, ভাৱনা জাগ্রত হয়। বিশেষকৈ কৈশোৰকালত বুদ্ধি আৰু বিকাশৰ পৰিবৰ্তন হয়। বৌদ্ধিক, সামাজিক আৰু আৱেগিক বিকাশ ঘটে। এই সময়চোৱাত কিন্তু সিহঁতৰ কাৰ্য্যৰ বাবে বহু পৰিমাণে সিহঁত নিজেও জগৰীয়া হয়। কিয়নো এইটো বয়সত সিহঁতে নিজৰমতে বহুত কাম কৰিবলৈ আৰম্ভ কৰে। তেতিয়া কিন্তু সিহঁতে পিতৃ-মাতৃৰ পৰা পোৱা মৰম, অধিকাৰ আৰু নিজৰ কৰ্তব্যৰ প্ৰতি সচেতন হ’বই লাগিব। পিতৃ-মাতৃ বা অভিভাৱকৰ পৰা মৰম, অধিকাৰৰ সম্পূর্ণ সদ্ব্যৱহাৰ কৰিব জানিব লাগিব। কেৱল পাঠ্য-পুথিৰ শুদ্ধ উত্তৰ জানি সৰহ নম্বৰ গোটালেই ন’হব। সৎ চৰিত্ৰ গঠন কৰি জীৱনত শুদ্ধ অশুদ্ধৰ প্ৰাৰ্থক্যও বুজিব লাগিব। সিহঁতে শুদ্ধটো গ্ৰহণ কৰি অশুদ্ধটো বৰ্জন কৰিব পাৰিব লাগিব। এখন সভ্য সমাজত জ্যেষ্ঠ সকলে কনিষ্ঠ সকলৰ পৰা আশাকৰা নিয়ম, সততাক ৰক্ষা কৰাৰ জ্ঞান অৰ্জন কৰিব পাৰিব লাগিব। পিতৃ-মাতৃৰ মৰমৰ সুবিধা লৈ অবাধ্য হ’ব নালাগিব। চাৰিওকাষৰ মানুহক ভাল পোৱা, সন্মান কৰা, জেদী মনোভাব নোলোৱা, পৰিশ্ৰম কৰিবলৈ শিকা, আবেগক নিয়ন্ত্রণ কৰিব পৰা, নিজৰ দোষ, ভুল মানি লোৱা ইত্যাদি গুণবোৰ গ্ৰহণ কৰিব পাৰিলেহে আজিৰ শিশুটি কাইলৈ মানৱ সম্পদ ৰূপে গঢ়ি উঠিব। নতু ,পিতৃ-মাতৃৰ বাবে শিশুটি কঠিন শিল গঢ় দিবলৈ লোৱাৰ দৰে বৃথা চেষ্টাহে হ’ব। অভিভাৱকেও শিশুটিৰ পৰা ভৱিষ্যতে কি আশা কৰে, সিহঁতে অভিভাৱকৰ সন্মান ৰক্ষাৰ্থে কেনেধৰণৰ কাম কৰা উচিত এনেবোৰ কথা ল’ৰা-ছোৱালীক সুন্দৰকৈ বুজাই দিব পাৰিব লাগে। কেৱল ভাত-কাপোৰ, প্ৰটিন, ভিটামিন, বিচৰামতে নানানটা সুবিধা দি আলেখ-লেখ চাই থাকিলেই শিশুৱে শুদ্ধ বাট চিনি পোৱাত ভুল কৰিব পাৰে। আকৌ শিশুৱেও সেইকথাবোৰৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিব লাগে।