এটা হাহিঁৰ সকৰাত্মকতা- ববিতা বৰা

pc opera add-ons

এটা হাহিঁৰ সকৰাত্মকতা

কʼম কʼম  বুলি কোৱাই নহ’ল তেওঁক মনৰ কথা বা সোধা নহ’ল তেওঁৰ মনৰ কথা।হয়তো সিমান খিনি সুযোগ তেওঁ মোক নিদিলে বা মইও জানিবলৈ  নকৰিলো ইচ্ছা..। বহুবাৰ ভাৱিছিলো, তেওঁক মই কিবা এষাৰ কওঁ..সাহস নহ’ল।কথাবোৰ‌ কথা হৈয়েই চকুত থাকি গ’ল।মোৰ একান্ত ইচ্ছা আছিল তেওঁ যাতে পঢ়ি চাই মোৰ চকুৰ গভীৰতা,কাজল দুচকুৰ আৰঁৰ আকুলতা,নতুনকৈ সানিবলৈ লোৱা লিপষ্টিকটোৰ আৰঁৰ ওঠঁৰ গোপনীয়তা। কেতিয়াবা অস্থিৰতাত ভূগো।মনৰ কথাবোৰ মনতেই কঢ়িয়াই ফুৰিবলৈ কষ্ট হয়। চঞ্চলতা নাই,মই জানো এইয়া ভালপোৱা নহয়। তথাপি ভাল লাগে এই ভাল লগাবোৰ। মোৰ কল্পনাৰ জগতখনত মই তেওঁৰ বাবে সাচিঁ-কাচি ভাল পাওঁ।মই কল্পনা কৰো,তেওঁৰ দুচকুৱে যেন মোক চাইছে,এটা মিচিকিয়া হাহিঁৰে মোক কাণে কাণে বজাই গৈছে মই শুনিব খোজা শব্দৰ ঝংকাৰ.. মই নাজানো কি দৰে প্ৰত্যুত্তৰ দিম,কি দৰে উপস্থাপন কৰিম তেওঁৰ ওচৰত নিজকে।মই নিৰ্বাক। আৰু এই নিৰ্বাকতা মোৰ খুবেই প্ৰিয়। মই আচৰিতো হওঁ।মোৰ দৰে দৃঢ় মনৰ মানুহক এইদৰে গলাব পৰা শক্তি কাৰোবাৰ আছে,মই ভৱা নাছিলো।মই কোনোদিন ব্যাহিকতাত ভূল যোৱা নাই,জুখি চোৱা নাই সুন্দৰতা। নাজানো.. তেওঁৰ হাহি‌ঁত কি আছে এনে সকৰত্মকতা,যি মোক বাৰম্বাৰ আকৰ্ষণ কৰে তেওঁৰ কাষলৈ।এনে শক্তি খুউব কমৰহে আছে।……জানো। এইয়া ভালপোৱা নহয়।এইয়া কোনো চপলতা বা বয়সৰ ভূল নহয়।এই অনুভৱ সস্তীয়াও নহয়। হৃদয়ৰ এই টান ৰ বাবে কি সংজ্ঞা আছে,মই নাজানো।মই মাথো জানো, তেওঁৰ উপস্থিতিত মই নিজকে সজাই ভালপাওঁ।কামনা কৰো,মোৰ আচলঁৰ সূতা তেওঁৰ হাতত লাগি ৰৈ যাওঁক সময়, বতাহৰ ৰাগীত উতনুৱা হওঁক মোৰ বাউলী চুলি আৰু মই যেন মাথো চাই ৰওঁ তেওঁক। তেওঁ হাহঁক প্ৰাণখুলি,আৰু মই বুটলি ল’ম তেওঁৰ হাহিঁত সৰি পৰা সকৰাত্মকতাৰ একুকি ফুল। … তেওঁ মোৰ পৰা দূৰ।যথেষ্ঠ দূৰ। তেওঁক পোৱাৰ ইচ্ছা তিলমানেও মোৰ নাই, তেওঁক এটা আৱেষ্টনীত ভৰাই ৰখাৰ কথা মই সপোনতো ভৱা নাই।মই জানো,এপাহ ফুল বাগিছাতে ভাল লাগে,হাতত ল’লেই সৰি পৰে তাৰ সুকুমল পাহি আৰু বিনষ্ট হৈ পৰে সকৰাত্মকতাৰ সুগন্ধি। মই মুক্তমনে পখিলা হৈ উৰিয়েই ভাল পাওঁ। তেওঁৰ ঘ্ৰাণৰে নিজেই সৌৰভ বিলাই আনন্দিত হওঁ। মুঠতে মোৰ ভাল লাগে তেওঁক।সীমাহীন ভাৱে.. তেওঁৰ বিষয়ে জনাত মোৰ ইচ্ছা নাই। তেওঁৰ ভাললগা বা বেয়ালগাৰ হিচাপ ৰাখিবলৈও মোৰ মন নাই।মই তেওঁৰ অস্তিত্ব টোক কল্পনাৰ সাগৰতেই ভাল পাই ভাললাগে।অত্যাধিক খুচৰি থাকি সত্যৰ  তিক্ততা সামৰিবলৈ মই নিবিচাৰো। মই জানো,মোৰ মনৰ আউসীঁত তেওঁ এটা জোনাকী পৰুৱাহে মাথোন।জোন হ’বলৈ না তেওঁৰ কাহানিবাও ইচ্ছা,না মোৰ কামনা..। তথাপি, কল্পনাক জানো বান্ধিব পাৰি? যি কল্পনাত মই সুখী হ’ব পাৰিছো,সেই কল্পনা জানো মই নকৰিম?।। দুচকুত এসোপা অপ্ৰকাশিত কথা লিখি মই তেওঁ লৈ আজিও চাইছো,সদায় চোৱাৰ দৰেই। সদায়ৰ দৰে আজিও, তেওঁ পঢ়ি চাব নোৱাৰিলে মই ক’ব খোজা কথাবোৰ।কথাবোৰ ৰৈ গ’ল এইদৰে..কথা  হৈয়েই..। মোৰ আক্ষেপ নাই তথাপি তেওঁ এবাৰ মোক পঢ়ি চোৱাটো মোৰ অন্তৰৰ কোনোবা এচুকৰ পৰা মই নিবিচৰাও নহয়। তেওঁক পোৱাৰ আক্ৰোশো নাই মোৰ,আনহাতে এই অনুভৱত আত্মবিভোল হোৱাৰ ৰাগীও মই এৰিব নোখোজো। সচাঁয়েই..এটা হাহিঁয়েই বিয়পাব পাৰে অনেক হাহিঁ। তেওঁৰ দৰেই।নহয়নে?

ববিতা বৰা