“এজাক_বৰষুণ” – বনানী কাশ্যপ

pc WallparerAccess

কেতিয়াবা ডাৱৰ হৈ চাবাচোন,

নিজে সৰি আনক হেঁপাহৰ বৰষুণজাকেৰে

তিয়াই চাবাচোন, দেখিবা

মৰমবোৰ নিজে নিজে

হৃদয়ত থিতাপি ল’ব ৷৷

এয়া প্রেম নে কি নাজানো

কিন্তু মাদকতা ভৰা এক চঞ্চল

আৱেগৰ অনুভৱ কিয়নো

ভালপোৱাৰ মাদকতাই সুকীয়া ৷৷

ভালপোৱাবোৰৰ আৱেগেই বেলেগ

নহয়নে বাৰু!

আজিকালি আকৌ অনবৰতে মুখত হাঁহি এটি

লাগিয়েই থকা হৈছে মোৰ ।।

ক’ৰবালৈ ওলাই গ’লে এনে লাগে

জানোছা তোমাক দেখাই পাওঁ

এতিয়া মৌন হৃদয় খনেও

কথা ক’ব লৈছে জানা

ভালপাই বোলে তোমাক

গভীৰৰ পৰা গভীৰতালৈ ৷৷

এইয়া যে মোৰ বুকুত আহিব লগা

এজাক বৰষুণৰ আগজাননী

দেহমন জীপাল কৰি তোলা

এজাক মৰমৰ বৰষুণ ।।