এছিয়ান বক্সিং চেম্পিয়নশ্বপৰ ফাইনেলত প্ৰৱেশ মেৰী কমৰ

PC The Indian Express

অনলাইন বাৰ্ত্তাসেৱা –  এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিলে দেশৰ তাৰকা মহিলা বক্সাৰ মেৰী কমে। প্রতিযোগিতাখনৰ ৫১ কিলো শাখাত তেওঁ ফাইনেলত প্ৰৱেশ কৰে। ছেমি ফাইনেলত মেৰী কমে মংগোলীয়াৰ প্ৰতিদ্বন্দ্বীগৰাকীক ৪-১ ব্যৱধানত পৰাস্ত কৰে। এতিয়া ফাইনেলত তেওঁ স্বর্ণ পদক দখলৰ বাবে কাজাখস্তানৰ নাজিয়মৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব লাগিব। উল্লেখ্য যে কাজাখস্তানৰ এই খেলুৱৈগৰাকী দুবাৰ বিশ্ব চেম্পিয়নশ্বিপত স্বর্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল। ফাইনেলত উপনীত হোৱাৰ পাছত মেৰী কমে প্রকাশ কৰে যে তেওঁ ইতিপূর্বে নাজিয়মৰ বিৰুদ্ধে কেইবাখনো মেচত অংশ লৈছে আৰু খেলুৱৈগৰাকীক পৰাস্তও কৰিছে। সেয়ে এইবাৰ ফাইনেলত প্রতিদ্বন্দ্বীগৰাকীয়ে কেনে ধৰণৰ প্ৰত্যাহ্বান আনে সেয়া সময়তহে দেখা যাব। ইফালে মেৰী কম ফাইনেলত প্ৰৱেশ কৰিলেও ছেমি ফাইনেলতে থমকি ৰ’ব লগা হয় লাভলিনা বৰগোহাঁই, ছিমৰণজিৎ কৌৰ, মণিকা আৰু জেছমিন। ছেমি ফাইনেলত লাভলিনা পৰাস্ত হয় উজবেকিস্তানৰ খেলুৱৈগৰাকীৰ বিৰুদ্ধে ৷ একেদৰে ছিমৰণজিৎ কৌৰ পৰাস্ত হ’বলগীয়া হয় কাজাখস্তানৰ ৰিমাৰ বিৰুদ্ধে।