এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অসম সন্তানৰ অভিলেখ

PC Firstpost

অনলাইন বাৰ্ত্তাসেৱা – এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় বক্সাৰ ৰূপে এক অভিলেখৰ গৰাকী হ’ল অসম সস্তান শিৱ থাপা। এছিয়াৰ ভিতৰতে সবাতোকৈ সন্মানজনক এই টুর্ণামেণ্টখনত ভাৰতৰ বক্সাৰসকলৰ ভিতৰত আটাইতকৈ সফল বক্সাৰ হিচাপে পৰিগণিত হোৱা ভাৰতীয় বক্সিং ইতিহাসত অভিলেখ গঢ়িলে শিৱ থাপাই। অসমৰ এইগৰাকী বক্সাৰে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ক্রমাগতভাৱে পাঁচবাৰ পদক দখল কৰি এই ঈৰ্ষণীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইয়াৰ পূর্বে ভাৰতীয় বক্সিং ইতিহাসত কোনো ভাৰতীয় বক্সাৰে একাদিক্রমে এইখন প্রতিযোগিতাত পাঁচবাৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাছিল। ২৭ বছৰীয়া শিৱ থাপাই চলিত প্রতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশৰ পাছতে এই অভিলেখৰ গৰাকী হৈছে। উল্লেখ্য যে ২০১৩ চনত প্ৰথমবাৰৰ বাবে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অংশ লৈছিল শিৱ থাপাই ৷ সেইবাৰ তেওঁ স্বর্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছতে ২০১৫ চনত অনুষ্ঠিত টুর্ণামেণ্টখনত তেওঁ লাভ কৰিছিল ব্ৰঞ্জৰ পদক। ইয়াৰ পাছতে ২০১৭ চনত অনুষ্ঠিত প্রতিযোগিতাখনত তেওঁ ৰূপৰ পদক দখল কৰাৰ বিপৰীতে ২০১৯ চনত অনুষ্ঠিত প্রতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এইবাৰো চলিত প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে বক্সিঙৰ নিয়ম অনুসৰি তেওঁ এটা পদক লাভ কৰাটো নিশ্চিত হৈ পৰিছে। ইয়াৰ লগে লগে ভাৰতীয় বক্সিঙৰ ইতিহাসত ক্রমাগতভাৱে পাঁচবাৱকৈ পদক লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে ইতিহাসত নাম লিপিবদ্ধ কৰিলে এইগৰাকী অসম গৌৰৱে ৷ ইফালে নিজৰ এই সফলতাৰ পাছত সাংবাদিকেৰে হোৱা বাৰ্তালাপত তেওঁ প্ৰকাশ কৰে যে এনে ধৰণৰ ক্ৰমাগত পাঁচবাৰ খিতাপ দখল কৰা প্ৰথমজন বক্সাৰ হ’ব পাৰিব বুলি তেওঁ কেতিয়াও ভবা নাছিল। স্বাভাৱিকতে এয়া এক সুন্দৰ অভিলেখ। একেদৰে কৰ’না মহামাৰীৰ সময়ছোৱাত এনেদৰে এটা পদক দখল কৰিবলৈ সক্ষম হৈ তেওঁৰ এনেকোৱা অনুভৱ হৈছে যেন তেওঁ কোভিডক জয় কৰিলে। উল্লেখ্য যে বর্তমান চলি থকা প্রতিযোগিতাখনত ভাৰতৰ হৈ প্ৰথমটো পদক নিশ্চিত কৰিছিল শিৱ থাপাই ৷