এক জানুৱাৰীৰ পৰা বৃদ্ধি পাব যান-বাহনৰ দাম

এক জানুৱাৰীৰ পৰা বৃদ্ধি পাব যান-বাহনৰ দাম

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন বছৰত ভাৰতত গাড়ী তথা দুচকীয়া বাহনৰ দাম বৃদ্ধি পাব জানুৱাৰীৰ পৰা বিভিন্ন কোম্পানীৰ গাড়ীৰ দাম ১-৩ শতাংশ বৃদ্ধি পাব বুলি কাৱা হৈছে।মাৰুতি ছুজুকি, হুণ্ডাই, টাটা মটৰ্ছ, অডি, মাৰ্ছিডিজ বেঞ্জকে ধৰি গাড়ী নির্মাতা কোম্পানীসমূহে বৃদ্ধি পোৱা উৎপাদন ব্যয়ৰ বোজা পাতলোৱাৰ বাবে এই সিদ্ধান্ত লৈছে।বাহন নির্মাতাসকলে আগতেই প্ৰকাশ কৰিছিল যে আন কাৰকৰ লগতে ছেমিকণ্ডাক্টৰ নাটনিৰ বাবে গাড়ীৰ দাম বৃদ্ধি পাব।কভিড- ১৯ৰ বাবে সৃষ্টি হোৱা পৰিৱেশে সৃষ্টি কৰা ব্যৱধান ছেমিকণ্ডাক্টৰকে ধৰি আন কিছুমান সা-সঁজুলিৰ নাটনিৰ লগতে ভাৰতত গাড়ীৰ বিক্ৰী বৃদ্ধি পোৱাৰ ফলত দাম বৃদ্ধি পাইছে।কোম্পানীসমূহে প্ৰকাশ কৰা মডেল অনুসৰি দাম বৃদ্ধিৰ হাৰ ভিন্ন ভিন্ন হ’ব।মাৰুতি ছুজুকিয়ে প্ৰকাশ কৰা অনুসৰি উৎপাদন ব্যয় বৃদ্ধি পোৱাৰ বাবে কোম্পানীটোৱে দুচকীয়া বাহনৰো দাম বৃদ্ধি পাব। হুণ্ডাই মটৰ ইণ্ডিয়াৰ আই টেন নিয়ছ, ক্রেটা, ভেনু ভাৰ্না আৰু টাকছনৰ দাম এক জানুৱাৰীৰ পৰা বৃদ্ধি পাব।জানুৱাৰীৰ পৰা কিয়াৰ বিভিন্ন মডেলৰ দাম ৫০ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি পাব।হুণ্ডা কাই ইণ্ডিয়াই কেইটামান মডেলৰ দাম ৩০ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰিব। জীপৰ দামো ২-৪ শতাংশ বৃদ্ধি পাব।