একাঁজলি প্ৰেম- ইন্দ্ৰজিৎ বুঢ়াগোহাঁই

Pc reader's Digest

একাঁজলি প্ৰেম

মোৰ হৃদয়ৰ শেৱালিজোপাৰ তলসৰা
শেৱালি বুটলিবলৈ অহাৰ দিনৰ পৰাই
মই তোমাক ভাল পাওঁ।
তোমাৰ আলফুলতাত, শেৱালিবোৰো যেন লাজুক হৈ পৰিছিল।
সিহঁতে কও নকওঁকৈ যেন কৈ গৈছিল–
মই তোমাক ভালপোৱাৰ কথা।

একাঁজলি হলেও মই তোমাৰ প্ৰেমত সন্তুষ্ট ।।

তোমাৰ চাৱনিয়ে হিয়া পমায়।
হৃদয় হ্ৰদত মৰম ফুল ফুলায়।।
কল্পনাতে উটুৱাই লৈ যায় দুৰ দিগন্তৰ সিপাৰলৈ ।
য’ত হেপাহৰ সপোন বোৰ একেলগে ৰচিম।
প্ৰেমৰ মালাদাল একেলগে গুঠিম ।।

ইন্দ্ৰজিৎ বুঢ়াগোহাঁই
ডিব্ৰুগড়