একমাত্র মাননীয় মুখ্যমন্ত্রী মহোদয়ৰ কনভয় যোৱাৰ সময়তহে ৰাজহুৱা যান বাহন সৰ্বাধিক দুই মিনিটৰ বাবে প্ৰশাসনে ৰখাৰ পাৰিব

p.c.Time8 assam news

একমাত্র মাননীয় মুখ্যমন্ত্রী মহোদয়ৰ কনভয় যোৱাৰ সময়তহে ৰাজহুৱা যান বাহন সৰ্বাধিক দুই মিনিটৰ বাবে প্ৰশাসনে ৰখাৰ পাৰিব, আন মন্ত্ৰীসকলৰ কনভয় যোৱাৰ ক্ষেত্ৰত ৰাজহুৱা যান বাহন ৰখোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে, মন্ত্ৰী পীযূষ হাজৰীকা

ৰঙিলী বাৰ্ত্তাসেৱা-   অসম চৰকাৰৰ মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি মুখ্যমন্ত্ৰীৰ কনভয় যোৱাৰ সময়ত ৰাজহুৱা যান বাহন কেৱল দুই মিনিট সময়হে ৰখাব পাৰিব প্ৰশাসন অথবা আৰক্ষীয়ে | মুখ্যমন্ত্ৰীৰ কনভয় যোৱাৰ সময়ত যাতে সাধাৰণ ৰাইজৰ বিশেষ অসুবিধা নহয় সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত বহা কেবিনেট বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে মুখ্যমন্ত্ৰীৰ বাহিৰে আন মন্ত্ৰীসকলৰ কনভয় যোৱাৰ সময়ত ৰাজহুৱা যান বাহন ৰখোৱাৰ কথা থাকিবই নোৱাৰে বুলি স্পষ্ট কৰি দিছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ শ্ৰী পীযূষ হাজৰীকাই |

এই সন্দৰ্ভত মন্ত্রীগৰাকীয়ে জনায় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰাপত্তা আৰু প্ৰট’কলৰ বাবে একমাত্র মুখ্যমন্ত্রী মহোদয়ৰ কনভয় যোৱাৰ সময়তহে বাকী ৰাজহুৱা যান বাহন সৰ্বাধিক দুই মিনিটৰ বাবে ৰখাব পাৰিব প্ৰশাসনে। অন্যান্য

মন্ত্ৰীৰ কনভয় যোৱাৰ সময়ত ৰাজহুৱা যান বাহনৰ চলাচলৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা থকাৰ কথা থাকিবই নোৱাৰে।