একবিংশ শতিকাৰ বিকৃত মানসিকতা, নাৰী সুৰক্ষা আৰু আমাৰ কৰণীয়- স্বাগতা বৰুৱা গোস্বামী

pc- Kiva

একবিংশ শতিকাৰ বিকৃত মানসিকতা, নাৰী সুৰক্ষা আৰু আমাৰ কৰণীয়

স্বাগতা বৰুৱা গোস্বামী

বিদায় নন্দিতাঃঅকাল মৃত্যুৱে আৰু নুশুনিলে দুৰ্ভগীয়া ছাত্ৰী ৰ জীয়াই থকাৰ আকুল প্ৰাৰ্থনা… অসমীয়া খবৰ কাকত খন হাতত লৈয়ে ৰীমাৰ তেজ তুপি উ’ঠলি আহিছে।মনৰ ভিতৰতে গুজৰি গুমৰি আছে।এই পুৰুষ জাতিটোৰে এচামৰ হৈছে কি?প্ৰেম নামৰ এই স্বৰ্গীয় শব্দটো একেবাৰে কলুষিত কৰি পেলাইছে কিয় ? একবিংশ শতিকাৰ এনে ঘটনা সঘনাই ঘটি থকা টো আমাৰ সমাজখনৰ বাবে অতিকৈ ঘৃণনীয় আৰু লজ্জাজনক কথা হৈ পৰিছে। যিখন সমাজত এজন পুৰুষক বংশ ধৰোতা বুলি ভবা হয় সেইখন সমাজতেই যদি বাৰে বাৰে একাংশ পুৰুষৰ দ্বাৰা মহিলাসকল নিৰ্যাতিত হ’ব লগা হয় তেতিয়া হ’লে এনে পুৰুষৰ পৰা আৰু কি আশা কৰিব পাৰি। চুমিলাৰ দৰে নাবালিকা জনীকো সিহঁতে এৰা নাই।একবিংশ শতিকাৰ এই সকলৰ মানবীয়তা আচলতে কোন ফালে ধাবমান তাৰো দেখোন কোনো উৱাদিহেই নোপোৱা হৈছো।ইয়াৰ বাবে আমি একাংশ অভিভাৱককেই জগৰীয়া নহয়নে বাৰু?কাৰণ ঘৰখনেই শিশুৰ শিক্ষাৰ প্ৰথম কঠিয়াতলি।বৈবাহিক জীৱনৰ পূৰ্ণতাই যদি সন্তান হয় তেনেহ’লে সেই সন্তানক সু-সংস্কাৰ দিয়াৰ দায়িত্ব ও আমি অভিভাৱকসকলৰে, অন্যথা ই ব্যৰ্থ।আজিকালি আমি অভিভাৱকসকল সন্তানৰ প্ৰেমত ইমানেই অন্ধ যে নিজৰ সন্তানে কৰা ভূলটো আমি নেদেখো আৰু কোনো কোনো ক্ষেত্ৰত দেখিলেও আওঁকাণ কৰো।দ্বিতীয়তে সন্তানৰ হাতত কেতিয়াও প্ৰয়োজনাধিক অৰ্থ তুলি দিব নালাগে।প্ৰয়োজনাধিক অৰ্থ মানেই হ’ল বিপথে পৰিচালিত হোৱাৰ পূৰ্ণ সম্ভাবনা।তৃতীয়তে আমি প্ৰতিজন অভিভাৱকে নিজৰ সন্তানক সৰুৰেপৰাই মাৰ্জিত সাজপাৰৰ জ্ঞান দিয়াতো খুবেই বাঞ্চনীয়।আনুষ্ঠানিক শিক্ষাত ভাল ফল দেখুৱালে বুলিয়েই যে তেওঁলোক শিক্ষিত সেই মনোভাৱ আমি পৰিহাৰ কৰি সন্তানৰ অন্তৰত দয়া,মৰম,সন্মান আদিৰ ভাব জগাই তুলি প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি দেশৰ এজন সুস্থ সবল নাগৰিক হিচাবে গঢ়ি তুলিব পাৰিব লাগিব।সৰুৰে পৰা মেডিটেইছন, পুৱা গধূলি নেদেখা জনৰ ওচৰত মূৰ ডোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰিব লাগিব যাতে সুস্হ চিন্তাধাৰাৰে তেওঁলোক পৰিচালিত হ’ব পাৰে। যি মানুহৰ নেদেখা জনলৈ ভয় আছে সেইজন মানুহে বেয়া কাম কৰিব নোৱাৰে। সন্তানক সৰুৰে পৰাই অভাৱ কি বস্তু সেইটো উপলব্ধি কৰাব লাগিব।তেওঁলোকে কি কৰি আছে অৰ্থাৎ বৰ্তমান অনলাইন ক্লাছ চলি আছে গতিকে ক্লাছ কৰি আছে বুলি এৰি দিলেই নহ’ব তেওঁলোকে সঁচাকৈয়ে ক্লাছ কৰি আছেনে নাই বা মোবাইল ফোনটোৰ সদ ব্যৱহাৰ কৰিছেনে নাই তাৰ প্ৰতি লক্ষ্য ৰখাটোও বৰ্তমান সময়ত আমি অভিভাৱক সকলৰ এক অন্যতম প্ৰধান দায়িত্ব। অন্য এক অতি গুৰুত্বপূৰ্ণ কথা হ’ল যে সন্তানৰ লগত আমি অভিভাৱক সকলে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা।যাতে সন্তানে বিনাদিদ্ধায়ে তেওঁলোকৰ মনৰভাব বিনিময় কৰিব পাৰে। ব্যস্ততাৰ মাজতো তেওঁলোকক সময় দিবয়ে লাগিব।সৰুৰেপৰা যোগাত্মক চিন্তা আৰু কিতাপৰ লগত একাত্মক কৰি তোলাৰ দায়িত্ব ও আমি অভিভাৱকসকলেই।এইদৰেই আগবাঢ়ি চাওঁচোন আহক আমি অভিভাৱক হিচাপে।এই ক্ষেত্ৰত চৰকাৰখনৰো কৰণীয় বহুত আছে।নিৰ্বাচনী ৰণ ডংকাত উক্ত চৰকাৰৰ শাসন কালত বিভিন্ন আচঁনিৰ জড়িয়তে প্ৰগতিৰ মাপকাঠিডাল নিৰ্ণয় কৰাৰ লগতে শাসিত চৰকাৰ খনৰ কাৰ্যকালত নাৰীক কিমান সুৰক্ষিত কৰিব পাৰিছে,নিৰ্যাতন,বলাৎকাৰ আদি নাইকিয়া কৰিব পাৰিছেন নাই ইত্যাদিবোৰ এখন সফল চৰকাৰৰ অন্যতম মাপকাঠি।ফাষ্ট ট্ৰেক আদালতৰ জড়িয়তে এনে গোচৰসমূহ মীমাংসা কৰাৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰখনে।এইবাৰ আহো আমাৰ সংবিধান খনলৈ আমাৰ সংবিধান খনৰো কিছু সালসলনিৰ দৰকাৰ।বলাৎকাৰ,হত্যাকাৰীক সৰ্বোচ্ছ শাস্তি দিয়াৰ আইন এখন অতি জৰুৰী হৈ পৰিছে।নহ’লে অনেক নৰখাদকৰ বলি হৈ চুমিলা,দীপশিক্ষা,নন্দিতাৰ দৰে ফুলবোৰ অকালতে মৰহি যাব।কিন্তু সেইটো হ’বলৈ দিব নোৱাৰি।