একত্ৰীকৰণ কৰা হ’ব নতুনকৈ প্ৰাদেশিকীকৃত ১৯৫ খন মাধ্যমিক বিদ্যালয়

Pc The Sentinel Assam

একত্ৰীকৰণ কৰা হ’ব নতুনকৈ প্ৰাদেশিকীকৃত ১৯৫ খন মাধ্যমিক বিদ্যালয়

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুনকৈ প্ৰাদেশিকীকৃত ১৯৫ খন মাধ্যমিক বিদ্যালয়ক একত্ৰিকৰণ প্ৰক্ৰিয়াৰে আন বিদ্যালয়ৰ সৈতে চামিল কৰাৰ জাননী জাৰি কৰা হৈছে।শিক্ষাৰ্থীৰ সংখ্যা কম হোৱাৰ বাবেই এই ১৯৫ খন বিদ্যালয় সমীপৰ আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ নিৰ্দেশ দিয়া হৈছে।মাধ্যমিক শিক্ষা সঞ্চালয়কালয়ে প্ৰকাশ কৰিছে সংশ্লিষ্ট বিদ্যালয়ৰ তালিকা।২১খন জিলাৰ মুঠ ১৯৫ খন বিদ্যালয় একত্ৰীকৰণৰ বাবে জাননী জাৰি কৰি সংশ্লিষ্ট জিলাৰ বিদ্যালয় পৰিদৰ্শক সকলক একত্রীকৰণ এই প্ৰক্ৰিয়া শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।জাননীখনত উল্লেখ কৰা অনুসৰি চামিল হ’বলগীয়া নতুনকৈ প্ৰাদেশিকীকৰণ কৰা বিদ্যালয়সমূহৰ ভূমি, ভৱন আৰু অন্যান্য সম্পত্তিবোৰ চৰকাৰৰ অধীনত থাকিব।মাধ্যমিক শিক্ষা সঞ্চালয়কালয়ে জাৰি কৰা জাননী অনুসৰি বৰপেটা জিলাৰ ৪৭ খন বিদ্যালয়, বঙাইগাঁও জিলাৰ ১৩ খন বিদ্যালয়, কাছাৰ জিলাৰ ৭ খন বিদ্যালয়, দৰং জিলাৰ ৭ খন, ধেমাজি জিলাৰ ২৩ খন, ধুবুৰী জিলাৰ ১৮ খন বিদ্যালয়, ডিব্ৰুগড় জিলাৰ এখন বিদ্যালয়, গোৱালপাৰাৰ ৫ খন বিদ্যালয়, গোলাঘাটৰ দুখন বিদ্যালয়, হাইলাকান্দিৰ তিনিখন বিদ্যালয় আৰু যোৰহাট জিলাৰ ১০ খন বিদ্যালয় একত্ৰীকৰণ কৰা হ’ব৷আনহাতে কামৰূপ মহানগৰ জিলাৰ ৪ খন বিদ্যালয়, কামৰূপ গ্ৰ‍াম্যৰ ১৮ খন বিদ্যালয়, কৰিমগঞ্জ জিলাৰ ৪ খন, লখিমপুৰ জিলাৰ ১০ খন বিদ্যালয়, মৰিগাঁও জিলাৰ ৯ খন বিদ্যালয়, নগাঁও জিলাৰ তিনিখন বিদ্যালয়, নলবাৰী জিলাৰ এখন, শিৱসাগৰৰ ৭ খন বিদ্যালয়, শোণিতপুৰ জিলাৰ এখন আৰু তিনিচুকীয়া জিলাৰ দুখন বিদ্যালয় আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ হ’ব।