এই সময়, সেই সময়-নিতু বড়া, শিৱসাগৰ

Pc-Vox

এই সময়, সেই সময়

আমাৰ দিনবোৰ——
বহীৰ পাতৰ চুকে-কোণে
উইনচাঙ কলমৰ নিৱেৰে নিগৰিছিল
উগুল-থুগুল মনটোৰ বহু আৱেগ…..কবিতা হৈ
অথবা লিখি ৰাখিছিলোঁ ভাল লগা এটি গান;
তোমালোকৰ দিনবোৰ—-
Virtual Reality-ৰ মোহত মোহাচ্ছন্ন অথচ
Reality-ৰপৰা শত যোজন দূৰত অৱস্থান।

বুঢ়ী আইৰ সাধু আজি পাহৰণিৰ গৰ্ভত
মনবোৰ কাৰাৰুদ্ধ Idiot Box-ৰ জালত।
Digital ধৰণীৰ বোকোচাত
তোমালোকৰ Digital জীৱন,
সপোন দেখিব খোজা উৰ্বৰ মনবোৰৰ….
অকাল বন্ধ্যাকৰণ ।।

নিতু বড়া, শিৱসাগৰ।