উৰুকাৰ বাবে সাজু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

উৰুকাৰ বাবে সাজু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  উৰুকাৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লাভ কৰিলে উপহাৰ।উজানবজাৰৰ নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে আগবঢ়ালে ১০ কেজি ওজনৰ চিতল মাছ।ব্যৱসায়ী সন্থাই প্ৰদান কৰা মাছটো গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশ কৰে লগতে সন্থাৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰে৷এই বিষয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই টুইটাৰত লিখিছে- উৰুকাৰ প্ৰাকক্ষণত বৃহত্তৰ উজানবজাৰ নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা ১০ কিলো ওজনৰ চিতল মাছ উপহাৰ হিচাপে লাভ কৰি আপ্লুত হৈছোঁ।জাতিটোৰ গতিশীল সাংস্কৃতিক সত্তা আৰু জীৱনবোধৰ সবল অভিব্যক্তি হৈছে মাঘ বিহু।আশাকৰোঁ অসমীয়াৰ বাপতি সাহোন এই বিহুৱে সকলোৰে জীৱন ভোগেৰে ওপচাই তুলিব।