উৎকণ্ঠাৰ অন্তঃ অসমৰ নতুন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বাৰ্ত্তাসেৱাঃ- আজি বিধায়িনী সভাত সৰ্বসন্মতিক্ৰমে সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হয় হিমন্ত বিশ্ব শৰ্মাক। উল্লেখ্য যে নৰেন্দ্ৰ সিং টোমৰৰ উপস্থিতিত লোৱা হয় এই চূড়ান্ত সিদ্ধান্ত। নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আহাকালি শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাঙ্গনত। এই বিধায়িনী সভাখনত উপস্থিত থকা বিজেপিৰ ৰাজি্যক সভাপতি ৰঞ্জিত দাস, সৰ্বানন্দ সোনোৱালকে আদি কৰি সকলো সদস্যই এই সিদ্ধান্তক সমৰ্থন জনায়।