উস! আৰু কিমান দিন- ইমন গোস্বামী

উস! আৰু কিমান দিন

সকলোফালেই যেন শংকা
দিনে নিশাই জ্বলিছে চিতা
কেৱল অন্তৰ্দণ্ড কৰিছোঁ
শেষ হৈ যোৱাৰ ভয়ে কঁপাইছে সকলোকে
ক্ষিপ্ৰতাৰে গতি কৰিছে সময়
আৰু আমি যেন স্তব্ধ হৈ পৰিছোঁ
ধৈৰ্য-সজ্য এতিয়া সীমাহীন
অনিশ্চিয়তাত কটাইছোঁ দিন
ৰঙীন সপোন আৰু আশাবোৰ মৰহি যাব নেকি?
কʼলা-বগা ডাৱৰৰ মাজত ৰামধেনু ওলাবনে?
নে অমানিশা হʼব?
মৃত্যু এতিয়া ‌সহজ !

✍️ ইমন গোস্বামী