উপ-পৰিদৰ্শক আৰু কনিষ্টবল পদৰ বাবে তৃতীয় লিঙ্গৰ লোকক অন্তৰ্ভুক্ত কৰিবলৈ উৰিষ্যা আৰক্ষী নিয়োগ অভিযান

pc India today

অনলাইন বাৰ্ত্তাসেৱা – উৰিষ্যা আৰক্ষীয়ে ৰাজ্যখনৰ আৰক্ষী বাহিনীত কনিষ্টবল আৰু উপ-পৰিদৰ্শক পদৰ বাবে তৃতীয় লিঙ্গৰ সম্প্ৰদায়ৰ সদস্য সকলক নিয়োগ কৰাৰ বাবে প্ৰস্তুতি চলাইছে। উৰিষ্যা আৰক্ষী নিযুক্তি বোৰ্ডে পুৰুষ, মহিলা আৰু তৃতীয় লিঙ্গৰ লোকসকলক ৪৭৭ জন উপ-পৰিদৰ্শক আৰু ২৪৪ জন কনিষ্টবল (যোগাযোগ) পদৰ বাবে অনলাইন আবেদন কৰিবলৈ আমন্ত্ৰণ জনাইছে। এই আবেদনৰ প্ৰক্ৰিয়া ২২ জুনৰ পৰা আৰম্ভ হ’ব আৰু সমাপ্ত হ’ব ১৫ জুনত।