উপায়ুক্তৰ কাৰ্যালয়ত পল্লৱ গোপাল ঝা আৰু জিলা পথ সুৰক্ষা সমিতিৰ সভা

Pc Etv Bharat

উপায়ুক্তৰ কাৰ্যালয়ত পল্লৱ গোপাল ঝা আৰু জিলা পথ সুৰক্ষা সমিতিৰ সভা

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাস, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া-বৰ্গৰ উপৰি লোক নিৰ্মাণ (পথ),বন, আৱকাৰী, আৰক্ষীকে আদি কৰি সমিতিৰ সদস্যসকল উপস্থিত থকা এই সভাত জিলাখনৰ বৰ্দ্ধিত পথ দুৰ্ঘটনা ৰোধৰ বাবে কেতবোৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হয়-জিলাখনৰ বেছিকৈ দুৰ্ঘটনা সংঘটিত স্থান, যেনে যোৰাবাটৰ নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউটৰ সন্মুখত, সৰুসজাই ষ্টেডিয়ামৰ সন্মুখত আৰু দুৰ্ঘটনাপ্ৰৱন স্থান, যেনে খানাপাৰাৰ উৰনীয়া সেতুঁ আৰু বেলতলা সংযোগী পথ আদি স্থান সমূহ চিনাক্ত কৰি সেই স্থানসমূহত অহা দুই-তিনিদিনৰ ভিতৰত ট্ৰেফিক বেৰিকেড, স্পীড ব্ৰেকাৰ আদি স্থাপন কৰিবলৈ উপায়ুক্তই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে।পথ দুৰ্ঘটনা সংঘটিত স্থানসমূহত গৈ দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান আৰু সেই অনুসৰি দুই-তিনিদিনৰ ভিতৰত প্ৰতিবেদন প্ৰস্তুত আৰু ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ উপায়ুক্ত৷ দুচকীয়া বাহনৰ হেলমেট নিপিন্ধা চালক, আৰোহীৰ ওপৰত জৰিমনাকে ধৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা পথ পৰিবহন বিভাগক নিৰ্দেশ দিয়ে উপায়ুক্তই। উপায়ুক্তই সভাত ট্ৰেফিক আৰক্ষী আৰু জিলা পৰিবহন বিভাগক অত্যাধিক স্পীড তথা বোজা কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।গনেশগুৰি, বশিষ্ট চাৰিআলি আদি ঠাইত অত্যাধিক ট্ৰেফিক জাম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দিষ্ট ষ্টপেজৰ বাহিৰে বেলেগ স্থানত চিটি বাছ ৰখালে সেই চালকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা পৰিবহন বিভাগক নিৰ্দেশ দিযে উপায়ুক্তই। জনসাধাৰণৰ জ্ঞাতেৰ্থে জিলা পৰিবহন বিভাগে ভাড়াৰ নিৰিখৰ তালিকা জিলা প্ৰশাসনক জনাব লাগিব আৰু অভিযোগৰ বাবে ফোন নম্বৰ দিব লাগিব।জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকক চৰকাৰী চিকিৎসালয়সমূহত ট্ৰমা চেণ্টাৰ স্থাপনৰ পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাই উপায়ুক্তই। প্ৰতিটো ট্ৰল গেটত থকা ট্ৰমা চেণ্টাৰৰ বিষয়ে জনসাধাৰণৰ মাজত উপযুক্ত প্ৰচাৰৰ বাবে আৰু লগতে ট্ৰল ফ্ৰী নম্বৰ তথা স্বাস্থ্য সেৱা ২৪ ঘণ্টা উপলব্ধ কৰিবলৈ উপায়ুক্তই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে।নৱ-বৰ্ষ উদযাপনৰ নামত পথ দুৰ্ঘটনা জনিত মৃত্যু নহয় তাৰ বাবে আগতীয়াকৈ সকলোধৰণৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদানৰ উপৰি বনভোজ খাবলৈ যোৱা বাহনৰ চালকে যাতে মদ্যপান নকৰে, সেই দিশটো বিশেষভাৱে লক্ষ্য ৰাখিবলৈ জিলা পথ পৰিবহন বিভাগক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্তই আহ্বান জনায়। ইয়াৰ উপৰি, জু-ৰোড আৰু মাডাৰ টেৰেছা পথত বন্ধ হৈ থকা চিটি বাছৰ সেৱা পুনৰ আৰম্ভ কৰিবলৈ উপায়ুক্তই জিলা পথ পৰিবহন বিভাগক নিৰ্দেশ দিয়ে।