উপকাৰ ( গল্প) — ৰশ্মি ৰেখা বৰা হাজৰিকা

pc-incmagazine

উপকাৰ ( গল্প)
———–
ছোৱালীজনীয়ে চুচুক-চামাক কৰি থকা দেখি মই আগবাঢ়ি গ’লো । সুধিলোঁ “কি লাগে ?” তাই মূৰ জোকাৰি গুচি গ’ল । মই শৰ্মাৰ ৰুমত সোমালো। শৰ্মাৰ মাকৰ অসুখ, মুম্বাইলৈ নিছে, সৰু ভায়েক গৈছে লগত । মই খবৰ এটা কৰোঁ বুলি পৰ্দাখন দাঙোতে দেখিলো তেওঁ ল’ৰা এটাৰ লগত কথা কটা-কটি কৰি আছে । ল’ৰাটো অলপ উত্তেজিত । মই ঘূৰিলো, ছোৱালীজনীৰ লগত খুন্দা খোৱাৰ উপক্ৰম হ’লো। তাই আকৌ আহিল! মই আচৰিত হ’লো এই ল’ৰা-ছোৱালী হালৰ শৰ্মাৰ লগত কি কাৰণে কাজিয়া! যা হওঁক সোধাটো বা চাই থকাটো অশোভনীয় হ’ব ।
পিয়ন বাবুলালক বিশটকা এখন দি মোলৈ ফ্ৰুটি এটা আনিবলৈ ক’লো । উহ, ইমান গৰম পৰিছে । এই চেপ্তেম্বৰ মাহতো বেলিটোৱে একেবাৰে খাওঁ খাওঁ মূৰ্তি ধৰি আছে । নিজৰ কেবিনটোত বহি লৈ ফাইল এটা মেলি ল’লোঁ।কিন্তু মনটো খেলিমেলি । শৰ্মাৰ ৰুমত কি ঘটিছে ? কাজিয়াখন কিহৰ ? আজি দহবছৰে শৰ্মাক পাই আহিছো । ওচৰতে থাকে যদিও অৱশ্যে ঘৰলৈ আহ-যাহ নাই । হ’লেও শৰ্মাৰ নিচিনা নিৰীহ , ঠাণ্ডা মানুহ দ্বিতীয় এজন আমাৰ চুবুৰীটোত বা এই অফিচটোত নাই । দুটা ল’ৰা -ছোৱালীৰে তেওঁৰ সুখৰ সংসাৰ । তেওঁৰ ঘৈণীয়েক জাঁজীৰ ফালৰ, শুনামতে মাত-কথা ৰুক্ষ, কিন্তু সাদৰী। পঢ়া-শুনা বৰ নহয়, হ’লেও ল’ৰা-ছোৱালী হালক পঢ়ুৱাইছে । শৰ্মাই একাউণ্টেণ্টৰ চাকৰিটোৰ পৰা মোটামুটি শকত দৰমহা এটাই পায় । হ’লেও লাহ-বিলাহত খৰচ নকৰে ।গাঁৱৰ ঘৰখনত ভায়েকহঁতক পঢ়ুৱাইছে । এটা ভায়েকে গুৱাহাটীত ঘৰ-বাৰী কৰিলে । অ’ এন জি চিৰ ইঞ্জিনিয়াৰ । আকৌ ল’ৰা-ছোৱালী হাললৈ মনত পৰিল । কি কাৰণে সিহঁতে শৰ্মাৰ লগত কাজিয়া কৰিছে ? শৰ্মাৰ বা কিয় ইমান খং উঠিছে ? শৰ্মাক কিবা কথাত ফচাব খুজিছে নেকি ? হনীট্ৰেপিং ??? কথাটো অফিচ সম্পৰ্কীয় নহ’ব কাৰণ ছোৱালীজনী চাকৰি বিচাৰি অহা ছোৱালী যেন নালাগে ।তাইৰ চেহেৰাত তাই যে বিশেষ পঢ়া-শুনা থকা ছোৱালী নহয় ধৰিব পাৰি । অথবা এইটো কব পাৰি যে তাই বনকৰা ছোৱালীতকৈ অলপহে উন্নত জাতৰ । বয়স খুব বেছি পোন্ধৰ বা ষোল । ল’ৰাটোৰ দাদাগিৰিলৈ চাই সি হয় তাইৰ ককায়েক নহ’লে প্ৰেমিক ।ছোৱালীজনীৰ লগতেই বা শৰ্মাৰ কি সম্পৰ্ক ? কিবা লেটি-পেটি নেকি ? ছিঃ কি যে কথাবোৰ ভাবিছো ! মোৰ মনটোও বৰ বিষাক্ত হৈ গৈ আছে দিনে দিনে । অন্ততঃ শৰ্মা তেনেকুৱা মানুহ নহয় ।কিন্তু কি ঠিক ? আজিকালি বাহিৰখন চাই একো ধৰিব নোৱাৰি ।
বাবুলালে ফ্ৰুটি এটা দিলেহি । “কি ঔ বাবুলাল , শৰ্মা ছাৰৰ ৰুমত কি হৈছে ?” বাবুলাল এইবোৰ কথাত কেঁচা । বয়সে ভাটি দিলেহি । কিন্তু তাক কৰিবলৈ দিয়া কামৰ বাহিৰে আন কথাত তাৰ অকণো ইণ্টাৰেষ্ট নাই ।প্ৰদীপ আকৌ ভাল উৰহী গছৰ ওৰ উলিওৱাত । কিন্তু সি আজি ছুটী লৈছে ।বাবুলালে “হামি কবা নৱাৰো” বুলি কৈ গুচি গ’ল ।
মোৰ মনতো খু-দুৱাই আছে । এনি হাউ আই হেভ টু গ’ থ্ৰু দ্য মেটাৰ।কিন্তু কেনেকৈ ? শৰ্মাক দেখুৱাবলগীয়া কিবা কাগজ-পত্ৰ আছে নেকি বিচাৰিলো । কালি জোনেল অফিচৰ পৰা অহা কাগজকেইখনত চহী লাগিব । প্ৰদীপ নাই, সেয়ে মই নিজেই লৈ যাম । শৰ্মাৰ ৰুমলৈ বুলি ওলাওঁতেই দেখিলো ল’ৰা-ছোৱালী হাল গেট পাৰ হৈ গ’লগৈ । শৰ্মাই চশমাৰ লেন্সদুখন ৰুমালেৰে মোহাৰি মোহাৰি সিহঁতকে চাই আছে ।
“সোমাই আহা” শৰ্মাই মাতিলে । চাইন কৰিবলৈ কাগজকেইখন আগবঢ়াই দিলোঁ । তেওঁ ঘপাঘপ চহীকেইটা কৰি দিলে । মুডটো অফ । কথা উলিয়াবলৈ চান্সেই নাপালোঁ । কি কৰোঁ এতিয়া ? কৌতুহলৰ পোকটোৱে কিট কিটকৈ কামুৰিয়েই আছে ।আমি মহিলা জাতিটো কেলেই এনেকুৱা জানো ? উপায় নাই । কেবিনলৈ আহি আকৌ এবাৰ কথাবোৰ ভাবিবলৈ যত্ন কৰিলো ।ল’ৰা-ছোৱালী হাল কোন ? শৰ্মাৰ লগতে বা কি সম্পৰ্ক ? ভাল নে বেয়া সম্পৰ্ক ? মনটোলৈ দেখোন ভাল কথা নাহে । শৰ্মাক বেয়া বুলিও মনটোৱে নকয় । কিন্তু সেই ছোৱালীজনী বা ল’ৰাটোৰ ব্যৱহাৰ-পাতিত শৰ্মা যে সিহঁতৰ ওচৰত দোষী সেইটোও স্পষ্ট । কি দোষ ?কেনেকুৱা দোষী ? চুপা-ৰুস্তম ! বাহিৰে মহান ভিতৰি কি কোনেও নাজানে ।ধেৎ, আকৌ শৰ্মাৰ কথা বেয়াকৈ ভাবিলো ! কি কৰা যায় ? গোটেই কথাটো গম নাপালে আজি মোৰ খাৱন-শোৱন সব যাব । কাইলৈ ৰিংকুৰ জন্মদিন । ঠিক কৰিলো আগতে কোনো দিন নাই যোৱা যদিও ল’ৰাৰ জন্মদিনলৈ মতাৰ চলেৰে শৰ্মাৰ ঘৰত আবেলি এপাক মাৰি আহিম, কিজানি কিবা ক্লু পাওঁৱেই ।
গধূলি শৰ্মাৰ ঘৰত একো যেন হোৱাই নাই তেনে এটা পৰিবেশ । তথাপি ময়ো সুদাই এৰা ভকত নহয় । কিন্তু কেনেকৈ সুধো, কি বুলি সুধো একো সুৰুঙাই পোৱা নাই ।শৰ্মানীয়ে চাহ-বিস্কুট লৈ আহি বহিলহি । মানুহগৰাকী ভলভলীয়া । কথা পাতোতেই তেওঁ গাই গ’ল কিদৰে গাঁৱৰ দুখীয়া মানুহৰ ল’ৰা এটাক দেওৰেকৰ তাত ড্ৰাইভাৰ কৰিবলৈ পঠিয়াই এতিয়া তেওঁলোক ফচিবলগীয়া হৈছে । সি বেটাই ড্ৰাইভাৰ কৰিবলৈ গৈছ ড্ৰাইভিং কৰ, তোৰ লোকৰ ঘৰৰ কাম কৰা ছোৱালীলৈ চকু কিহৰ ? শৰ্মাৰ গুৱাহাটীত থকা ভায়েকৰ কাষৰ মানুহ ঘৰৰ কাম কৰা ছোৱালী জনী পলুৱাই সি বেক টু দ্য পেভিলিয়ন । সি এতিয়া গাঁৱৰ ঘৰলৈও নাযায় । শৰ্মাই তাৰ কিবা এটা বন্দবস্ত কৰি দিব লাগে । শৰ্মানীৰ ভয়ত সিহঁতহাল তেওঁলোকৰ ঘৰলৈ অহা নাই । অফিচতে তেখেতক দিগদাৰ কৰি আছেগৈ । মই শৰ্মানীৰ প্ৰতি সহানুভূতি দেখুৱালো – লোকৰ উপকাৰ কৰিবলৈ গৈ মানুহৰ সচাঁয়ে জঞ্জাল বাঢ়েহে । ক’লো, “মই চেষ্টা কৰি চাওঁ ৰব । আমাৰ এখেতে তাক ছাগে ড্ৰাইভাৰৰ চাকৰি এটা যোগাৰ কৰি দিব পাৰিব ।” মনতে ভাবিলো এখেতৰ বছক এই চেগতে ভালৰি বোলাবলৈ ভাল হ’ব ।বছক ড্ৰাইভাৰ এজনৰ প্ৰয়োজন হৈ আছে, পোৱা নাই । শৰ্মাক ক’লো, “এটা কাম কৰিব । কাইলৈ ৰাতিপুৱাই তাক আমাৰ ঘৰলৈ পঠিয়াই দিব । এওঁ ঘৰতে থাকিব । চিন্তা নকৰিব । তাৰ বন্দবস্ত এটা মই কৰি দিম । চুবুৰীয়া হৈ এইকণ সহায় কৰিব নোৱাৰিলে কেনেকৈ হ’ব ?” শৰ্মা আৰু শৰ্মানীয়ে অশেষ ধন্যবাদ জনালে । মোৰো মনটো ভাল লাগিল । কাইলৈ অন্ততঃ ৰিংকুৰ বাৰ্থডেৰ বজাৰ খিনি কৰিবলৈ সহায় এটা হ’ব ।মাছ-মাংস, পাচলি, কেক-মিঠাই , গেছৰ চিলিণ্ডাৰ – এওঁ সেইবোৰ কৰিবলৈ বৰ টান পায় । সি গুৱাহাটীত গাড়ী চলোৱা ল’ৰা যেতিয়া তাক লৈ ৰাতিপুৱাতে বজাৰ-সমাৰ খিনি ময়ে কৰি আহিব পাৰো । বছ বাৰ্থডেলৈ আহোঁতে তাক গতাই দিলেই হ’ল ।
<><><><><><><><>
©️ৰশ্মি ৰেখা বৰা হাজৰিকা