উন্মাদ- পদ্ম শঙ্কৰ চৌধুৰী

pc We HeartIt

উন্মাদ

অনভিপ্ৰেত,অনাহূত এটি শব্দ
“উন্মাদ”
হেৰা উন্মাদ!
তোমাৰ সহচৰী কোন, কোন বাৰু?
আভিজাত্য, প্ৰাচুৰ্যতা কিম্বা ভোগ-লিপ্সা?
হয়,এই গোটেইবোৰেই চোন তোমাৰ সহচৰী।
“তোমাৰ উন্মাদনাই কৰা নাই কি?
তোমাৰ কোৰাল গ্ৰাসত,
বিশ্বব্যাপী আজি ত্ৰষ্টমান।
অক্টোপাছৰ দৰে মেৰিয়াই ধৰিছা সৱাকে।
এৰাব খুজিও চোন এৰাব পৰা নাই।
কাকোকে পৰিত্ৰাণ নিদিবা নে তুমি ?
বস্তৱাদী চিন্তাই কোঙা কৰা নাই নে আমাক?
এক অনামী প্ৰতিযোগিতাৰ প্ৰতিযোগী আমি।
তললৈ চাবলৈ নাটনি সময়ৰ,
উৰ্দ্ধমান গতি আমাৰ।
নাই শংকা পিছল খোৱাৰ।
কিন্তু আমি কিমান দাবীদাৰ।
নামঘৰ,মন্দিৰ,মছ্জিদ,গীৰ্জাবোৰ কংক্ৰিট হ’ল,
পঁজাঘৰ গুচি দালান-অট্টালিকা হ’ল,
পিছে জীৱ শ্ৰেষ্ঠ বুলি ফিতাহি আমিসৱৰ মনবোৰ?
বিশ্বখন আজি গাঁও হ’ল,
কিন্তু গাঁৱৰ মানুহবোৰ গাঁৱৰ পৰা আতঁৰি গ’ল।
এয়া যুগৰ দাৱী নে সময়ৰ আহ্বান?
নে তোমাৰ জয়গান?

পদ্ম শঙ্কৰ চৌধুৰী
অৱসৰপ্ৰাপ্ত শিক্ষক।