উন্নয়নৰ স্বাৰ্থত পুনৰ কংগ্ৰেছ ত্যাগ কৰিব আন এজন বিধায়কে

উন্নয়নৰ স্বাৰ্থত পুনৰ কংগ্ৰেছ ত্যাগ কৰিব আন এজন বিধায়কে

ৰঙিলী বাৰ্ত্তাসেৱা-  উন্নয়নৰ স্বাৰ্থত পুনৰ কংগ্ৰেছ ত্যাগ কৰিব আন এজন বিধায়কে।ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে ত্যাগ কৰিব কংগ্ৰেছ।আজি পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাত্‍ ৰহাৰ কংগ্ৰেছ বিধায়কজনৰ।উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ পক্ষত বিধায়ক শশীকান্ত দাস।শশীকান্ত দাসে বৰ্তমান চৰকাৰৰ লগত থাকি চৰকাৰক সকলো ধৰণে সহায় সহযোগিতা কৰি যাব।বিধায়কজনে এতিয়াই ত্যাগ নকৰে বিধায়ক পদ।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে,ৰহাৰ বিধায়ক শশীকান্ত দাস আজি পুৱা মোৰ ঘৰলৈ আহিছিল। অসম চৰকাৰৰ সৈতে তেখেতে থাকি কাম কৰাৰ কথা কৈছে।আমি ৰাজনৈতিক বিষয়টো এতিয়াও চিন্তা কৰা নাই।তেওঁ চৰকাৰৰ সৈতে থকাৰ চিন্তা কৰিছে। মই আৰু ভৱেশ কলিতাই তেওঁক গামোচা পিন্ধাম।তেওঁ চৰকাৰৰ সৈতে থাকিব,ৰাজনৈতিক বিষয় পিছত।