উদ্যোগ মন্ত্ৰীয়ে দাৰা আহমেদৰ মৃত্যুত শোক প্ৰকাশ কৰিছে

বাৰ্তাসেৱা – উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা দাৰা আহমেদৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

এক শোক বিবৃতিত মন্ত্ৰীগৰাকীয়ে কয়, ‘দাৰা আহমেদ আছিল অসমচলচ্চিত্ৰৰ এগৰাকী বিশিষ্ট পৰিচালক। তেওঁৰ চলচ্চিত্ৰসমূহ চলচ্চিত্ৰ দৰ্শক আৰু চলচ্চিত্ৰ সমালোচক দুয়োৰে দ্বাৰা ভালদৰে প্ৰশংসিত হৈছিল। তেওঁ অসমচলচ্চিত্ৰ উদ্যোগত এক অমলিন ছাপ ৰাখিছিল। তেঁওৰ মৃত্যু আমাৰ ৰাজ্যৰ সাংস্কৃতিক দৃঢ়তাৰ বাবে এক অপূৰণীয় ক্ষতি।

মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলৰ প্ৰতি সমবেদন জ্ঞাপন কৰে আৰু বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে সৰ্বশক্তিমানৰ ওচৰত প্ৰাৰ্থনা কৰে।