উদালি হস্পিতালত চিকিৎসকৰ আক্ৰমণৰ ঘটনাৰ লগত জিড়ত পুনৰ দুজনক গ্ৰেপ্তাৰ

pc The Hindu

অনলাইন বাৰ্ত্তাসেৱা – হোজাইৰ লংকাৰ উদালি মডেল হস্পিতালত চিকিৎসকক প্ৰহাৰ কৰা ঘটনাৰ আৰৰ পুনৰ দুজনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইমদাদুৰ ৰহমান আৰু নুৰ হুছেইন নামৰ দুই অপৰাধিক । সম্প্ৰতি লংকা আৰক্ষীৰ জিম্মাত ৰখা হৈছে এই দুই দুৰ্বৃত্তক। দুয়োৰে ঘৰ উদালি ঝাৰনি গাঁৱত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দুয়োকে আজি আদালতত হাজিৰ কৰোৱা হ’ব। ফলত বৰ্তমান সময়লৈ উক্ত ঘটনাত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ২৬জনলৈ বৃদ্ধি পাইছে। এই ঘটনাৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।