উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাত চিলিণ্ডাৰ বিস্ফোৰণত ৮ জন নিহত, ৭ জন আহত

pc Times of India

উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাত চিলিণ্ডাৰ বিস্ফোৰণত জন নিহত, জন আহত

অনলাইন বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাত এটা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত যোৱাকালি মঙলবাৰে নিশা (১ জুন, ২০২১) ৮ জন লোক নিহত হোৱাৰ উপৰিও ৭ জন লোক আহত হৈছে। বিস্ফোৰণৰ ফলত ৱাজিৰগঞ্জ অঞ্চলৰ টিক্ৰি গাঁৱত দুটা সংলগ্ন ঘৰ খহি পৰে।  খবৰ অনুসৰি ঘটনাটো থাথেৰী পুৰৱাত সংঘটিত হৈছিল যেতিয়া নুৰুল হাছানৰ পৰিয়ালে খাদ্য ৰান্ধি আছিল।চাৰিটা শিশুৰ সৈতে দুজনকৈ মহিলা আৰু পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, আনহাতে সাতজন আহত জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।ইয়াৰ আগতে, ১৪ জন লোকক উদ্ধাৰ কৰা হৈছিল, যাৰ ভিতৰত ৭ জনক মৃত ঘোষণা কৰা হৈছিল।