উত্তৰ প্ৰদেশত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Pc india Today

উত্তৰ প্ৰদেশত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ শাসকীয় চৰকাৰখনে অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত উন্নয়নমূলক কাম কাজৰ আধাৰশিলা স্থাপন কৰি আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৬,২০০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ৰ আধাৰশিলা স্থাপন কৰে । ৰাজ্যখনৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, উপ-মুখ্যমন্ত্রী কেশৱ প্রসাদ মৌৰ্যৰ উপস্থিতিত গংগা এক্সপ্ৰেছৱে’ৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্রী মোদীয়ে কয় যে এই এক্সপ্ৰেছৱে’ উত্তৰ প্ৰদেশৰ অর্থনীতিক উজ্জীৱিত কৰি তুলিব।