উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টি শাসনলৈ আহিলে ১ কিলোগ্ৰাম ঘিউ, দৰিদ্ৰলোকক ৫ বছৰৰ বাবে বিনামূলীয়া ৰেচন প্ৰদান: অখিলেশ

p.c. india tv news

উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টি শাসনলৈ আহিলে ১ কিলোগ্ৰাম ঘিউ প্ৰদান: অখিলেশ

ৰঙিলী বাৰ্ত্তাসেৱা–  সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত তেওঁৰ দল শাসনলৈ আহিলে পাঁচ বছৰৰ বাবে বিনামূলীয়া ৰেচনৰ লগতে দৰিদ্ৰ লোকসকলক এক কিলো ঘিউ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। যাদৱে ৰায়বৰেলীত এখন নিৰ্বাচনী জনসভাত ভাষণ দি লগতে কয় যে তেওঁৰ দলে এবছৰত সৰিয়হৰ তেলৰ লগতে দুটা চিলিণ্ডাৰও প্ৰদান কৰিব।