উত্তৰ প্ৰদেশত ৩ দিনত কোভিড-১৯ত মৃত্যুৰ সংখ্যা শূন্যঃ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

pc AajTak

অনলাইন বাৰ্ত্তাসেৱা – উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সোমবাৰে কৈছিল যে যোৱা তিনি দিনত কোভিড-১৯ৰ ফলত ৰাজ্যখনত মৃত্যুৰ সংখ্যা শূন্য হোৱাটো অত্যন্ত আনন্দদায়ক। দেওবাৰে, ৫৮ খন জিলাই কোনো নতুন কোভিড-১৯ সংক্ৰমণৰ তথ্য নথিভূক্ত কৰা নাছিল, আনহাতে ১৭ খন জিলাত একক সংখ্যাত নতুন সংক্ৰমণৰ ঘটনা নথিভুক্ত কৰা হৈছিল, তেওঁ লগতে উল্লেখ কৰে। ৰাজ্যখনে জুলাইত ১.৭১ কোটি কোভিড-১৯ ভেকছিন প্ৰদান কৰিছিল, মুখ্যমন্ত্ৰী আদিত্যনাথে কয়।

(UD.)