উত্তৰ প্ৰদেশত কোভিড প্ৰট’কল মানি শিক্ষানুষ্ঠানসমূহ খুলিল

pc-Hindustan Times

উত্তৰ প্ৰদেশত কোভিড প্ৰট’কল মানি শিক্ষানুষ্ঠানসমূহ খুলিল

অনলাইন বাৰ্ত্তাসেৱা– কৰ’না সংক্ৰমণৰ ঘটনা হ্ৰাস পোৱাৰ বাবে উত্তৰ প্ৰদেশত সোমবাৰৰ পৰা ৰজ্যখনৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষানুষ্ঠানসমূহ খুলি দিয়া হৈছে। শিক্ষাৰ্থীয়ে কোভিড প্ৰট’কল মানি শিক্ষানুষ্ঠানত উপস্থিত হ’ব পাৰিব। শিক্ষা বিভাগে প্ৰকাশ কৰা মতে ৭ মাহৰ পাছত বিদ্যালয়সমূহ খোলাৰ বাবে শিক্ষাৰ্থীসকল উৎসাহী হৈ পৰে। শিক্ষা বিভাগে জনোৱা মতে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি কম হ’লেও ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতি লক্ষণীয় আছিল।

 

(RT)