উত্তৰ প্ৰদেশত ক’লা ভেঁকুৰৰ সংক্ৰমণ

বাৰ্ত্তাসেৱা – উত্তৰ প্ৰদেশত ক’ৰ’নাৰ সমান্তৰালভাৱে ব্লেক ফাংগাছ বা ক’লা ভেঁকুৰৰ সংক্ৰমণে সৃষ্টি কৰিছে আতংকৰ। উত্তৰ প্ৰদেশত ৭৩জন লোক ব্লেক ফাংগাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰে সৰ্বাধিক সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে বাৰাণসীত। বৰ্তমানলৈ বাৰাণসীত ২০ জন, লক্ষ্ণৌত ১৫ জন, গোৰখপুৰত ১০ জন, প্ৰয়াগৰাজত ৬ জন, গৌতমনগৰত ৫ জন, মিৰাটত ৪ জন, কাণপুৰ, মথুৰা আৰু গাজিয়াবাদত ৩ জনকৈ আৰু আগ্ৰাত ১ জন লোক ব্লেক ফাংগাছৰ দ্বাৰা সংক্ৰমিত হৈছে। ইফালে কাণপুৰত ২জন কোভিড সংক্ৰমিত লোকৰ মৃত্যু ঘটিছে। লক্ষ্ণৌত এই সংক্ৰমণৰ বলি হোাৱা এজন লোকে দৃষ্টি শক্তি হেৰুৱাবলগীয়া হয়। এই ভয়াৱহ ভেঁকুৰৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰাৰম্ভিক অৱস্থাতে এই সংক্ৰমণ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ১৪ জনীয়া স্বাস্থ্য বিশেষজ্ঞ কমিটিক নিৰ্দেশ দিয়া হৈছে। লক্ষ্ণৌৰ কিং জৰ্জেছ মেডিকেল চিকিৎসালয়ে সদৰি কৰা মতে, যোৱা তিনি মাহত এই চিকিৎসা প্ৰতিষ্ঠানত মাৰাত্মক ক’লা ভেঁকুৰৰ সংক্ৰমণৰ ৭ টা ঘটনা পোহৰলৈ আহিছে। অৱশ্যে চাৰিজন সংক্ৰমিত লোক চিকিৎসালয়খনৰ আই চি ইউত সুস্থ হৈ আছে বুলি কোৱা হৈছ।