উত্তৰ-পূবৰ ৰাজ্য মণিপুৰত প্ৰথমজন অমিক্ৰনত আক্রান্ত ৰোগী চিনাক্ত

Pc india.com

উত্তৰ-পূবৰ ৰাজ্য মণিপুৰত প্ৰথমজন অমিক্ৰনত আক্রান্ত ৰোগী চিনাক্ত

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূবৰ ৰাজ্য মণিপুৰত প্ৰথমজন অমিক্ৰনত আক্রান্ত ৰোগী চিনাক্ত হৈছে। ডেল্টা প্ৰকৰণতকৈ ৭০ শতাংশ দ্রুততম সংক্রমিত অমিক্ৰনত আক্রান্ত মণিপুৰৰ ৰোগীজন ৪৮ বছৰীয়া। তেওঁ পূৰ্ব আফ্ৰিকাৰ দেশ টাঞ্জানিয়া ভ্ৰমণ কৰি অহাৰ পাছতে কোভিড-১৯ত আক্ৰান্ত হৈছিল।ক’ভিডত আক্রান্ত হোৱাৰ পাছত ৪৮ বছৰীয়া ৰোগীজনৰ জেনম চিকুৱেঞ্চিং নমুনা পৰীক্ষা কৰাত ৰোগীজন অমিক্ৰনত আক্ৰান্ত হোৱাটো নিশ্চিত হয়। যোৱা ২১ ডিচেম্বৰত টাঞ্জানিয়াৰ পৰা উভতি অহা লোকজন অমিক্ৰনত আক্রান্ত হোৱাৰ পাছতে তেওঁৰ পৰিয়ালক আইছ লেচনত ৰখা হৈছে।