উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা কৃষিজাত খাদ্যৰ সামগ্ৰীৰ ৰপ্তানি

pc Swarajya

অনলাইন বাৰ্ত্তাসেৱা – উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা কৃষিজাত খাদ্য আৰু ‘প্ৰচে’ছড-খাদ্য’ সামগ্ৰীৰ ৰপ্তানিৰ সম্ভাৱনা কঢ়িয়াই অনাৰ বাবে, শনিবাৰে বিমানেৰে গুৱাহাটীৰ পৰা ডুবাইলৈ সতেজ ‘লেতেকু’ ৰপ্তানি কৰা হৈছিল।
সাধাৰণতে অসমত ‘লেতেকু’ বুলি জনা জাত, ফলবিধ কৃষি আৰু প্ৰচে’ছড খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণে (এ.পি.ই.ডি.এ.) পঞ্জীভুক্ত “কিয়েগা এক্সিম প্ৰাইভেট লিমিটেড”ৰ দ্বাৰা গুৱাহাটী বিমানবন্দৰৰ পৰা দিল্লী হৈ ডুবাইলৈ ৰপ্তানি কৰিছিল। ইয়াক নামনি অসমৰ দৰং জিলাৰ এটা সংগ্ৰহ কেন্দ্ৰত সংগ্ৰহ আৰু পেক কৰা হৈছিল। এ.পি.ই.ডি.এ.-য়ে উত্তৰ-পূবৰ ৰাজ্যসমূহক ভাৰতৰ কৃষি আৰু প্ৰচে’ছড খাদ্য সামগ্ৰীৰ ৰপ্তানিৰ মানচিত্ৰত অন্তৰ্ভূক্তিকৰণৰ বাবে প্ৰচাৰমূলক কাৰ্যকলাপ চলাই আহিছে।