উত্তৰৰ অপেক্ষাত- হিমাক্ষী বৰ্মন

pc-we heart it

উত্তৰৰ অপেক্ষাত
——————————-
অইন দিনাৰ দৰে আজিও ঠিক নিৰ্দিষ্ট সময় খিনিতেই নাহৰ জোপাৰ তলত আহি অপেক্ষা কৰিছোঁ ৰাতিপুৱা ৭ বজাৰ বাছ খনলৈ।কতা আজিছোন ল’ৰাজন দেখা নাই যিজনে নাহৰ জোপাৰ তলৰ পৰাই মোৰ পিছ লয়। ইফালে সিফালে চাইছোঁ কিন্তু নাই কতো দেখা নাই তাক বিভিন্ন ভাৱ আহিব ধৰিছে মনলৈ। ইটো সিটো কথা চিন্তা কৰি থাকোঁতেই হঠাৎ বাছৰ হৰ্ণ শুনি উচপ খাই উঠিলোঁ আৰু বাছত উঠি অফিচ অভিমুখে ৰাওনা হ’লো।বাছখন নিৰ্দিষ্ট সময়ত অফিচৰ সন্মুখেৰে যোৱা পথছোৱাত ৰৈ দিলে কিন্তু তেতিয়াও মই অন্যমনস্ক হৈ আছোঁ হেণ্ডিমেনৰ মাতত হে সম্বিৎ ঘুৰি আহিল।অফিচৰ নিৰ্দিষ্ট স্হানত বহি ইটো সিটো নিজৰ দায়িত্বৰ কামবিলাক কৰিছোঁ কিন্তু তাৰ মাজতো ল’ৰাজনৰ কথাটো বাৰে বাৰে মনক আহি আছে।অইন দিনাতকৈ আজি সোনকালেই ঘৰলৈ উভতিলোঁ।

সদায় মই উঠা বাছ খনতেই তেওঁ উঠে প্ৰথম লক্ষ্য কৰা নাছিলোঁ যদিওঁ পিছত গম পালোঁ। প্ৰথমাৱস্থাত ল’ৰাজনে মোৰ ফালে চাই হাঁহি মাৰে মইওঁ নোচোৱাৰ চলেৰে চাওঁ আৰু খঙত ৰঙা চিঙা পৰি যাওঁ আনকি তেওঁক দেখিলেই খঙে চুলিৰ আগ পায় আজিকালিৰ ল’ৰাক বিস্বাস কৰিব নোঁৱাৰি অৱশ্যে এটা কথা ঠিক তেওঁ কিন্তু মোৰ সতে একে ঠাইত নানামে অথবা কোনোদিনে মোৰ ওচৰত খালীঠাই থাকিলেও বহিব চেষ্টা কৰা নাই। এনেদৰে এমাহমান অতিক্ৰম কৰিলোঁ।এতিয়া চোন ল’ৰাটোৰ চাল চলন মানুহৰ লগত কৰা আচাৰ ব্যৱহাৰ বোৰ দেখি মোৰো তেওঁক কিবা এটা ভাল লগা হৈছে। ল’ৰাজনৰ প্ৰতি কব নোৱাৰাকৈয়ে মোৰ অন্তৰত এক অব্যক্ত মৰমে শিপাইছে। কিছুদিনৰ পৰা মইওঁ তেওঁৰ ফালে লুকাই চুৰকৈ চাওঁ তেওঁৰ লগত চকুই চকুই পৰিলে যেনিবা নোচোৱা ভাও ধৰোঁ। কথা পাতিব বহুত মন যায় তেওঁৰ লগত চিনাকি হ’বলৈ মন যায় কিন্তু কি কৰোঁ মই যে নিৰুপায় অনিচ্ছাসত্বেও নিজৰ চিন্তা ভাৱনাক ধাকি ৰাখিছোঁ।

“বা তোক আজি মাই দিব ৰহ অথনিৰে পৰা চিঞৰি আছে ভাত দিছে দুপৰীয়াও একো খোৱা নাই অফিচৰ পৰা আহিয়ে বিচনাত।” ভন্টিৰ চিঞৰত চিন্তাৰ সাগৰৰ পৰা বাস্তৱলৈ ঘুৰি আহিলোঁ ঘড়ীটোলৈ চালোঁ ৰাতি ৯ বাজিল।ভাত কেইটা খাই বিচনাত উঠিও সেইবিলাক ভাবি ভাবিয়েই কেতিয়া টোপনি আহিল গমেই নাপালোঁ।

অফিচলৈ সদায় অহা যোৱা কৰি আছোঁ কিন্তু ল’ৰাটোৰ ছাঁটোকে দেখা নোপোৱা হলোঁ। আজিকালি সময়তকৈ বহুত আগতে গৈ নাহৰ জোপাৰ তলত অপেক্ষা কৰোঁ কিজানি তেওঁক দেখা পাওঁ।এদিন দুদিনকৈ ল’ৰাটোক নেদেখা অাজি আঠটা দিন পাৰ হ’ল সেই আঠটা দিন মোৰ বাবে আঠ বছৰ যেন লাগিছে।এনেকৈ একমাহ পাৰ হৈ গ’ল যদিওঁ তেওঁৰ ছবি খন এতিয়াওঁ মোৰ মনত সজীৱ হৈ আছে।অইন দিনাৰ দৰে আজিও নাহৰ জোপাৰ তলত ৰৈ আছোঁ বাছ অহালৈ হঠাৎ চিনাকি সুবাস এটা আহি নাকত লাগিল। ভালকৈ লক্ষ্য কৰি দেখিলোঁ মোৰ পৰা কিছু নিলগত নাহৰ জোপাৰ সিটো পাৰে মোৰ আপোনজন মানে সেই ল’ৰাজন। নভবাকৈয়ে মোৰ ওঁঠত এটি প্ৰাপ্তিৰ হাঁহিয়ে আশ্ৰয় ল’লে, বুকুৰ মাজত যেন এক হেঁপাহৰ বৰষুণ আহিছে। দেহৰ শিৰা উপশিৰাৰ মাজেৰে ৰক্তৰ চলাচলো যেন ঘন হৈছে। তেওঁৰ মুখলৈ দৃষ্টি নিক্ষেপ কৰিলোঁ সেই একেই শান্ত মুখনিত মিচিকিয়া হাঁহিটি কি অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ। তেনেতে বাছখন আহি ওচৰতে ৰ’ল আজিচোন তেওঁ মোৰ ওচৰতে বহিছে মনে মনে বহুত ভাল লাগিছে যদিওঁ তেওঁক জানিব দিয়া নাই।মাজে মাজে দুয়ো দুয়োৰে মুখলে চাইছোঁ লুকাই চুৰকৈ তাৰ মাজত ধৰাওঁ পৰিছোঁ। হঠাৎ বাছ খন ৰৈ দিলে বহুত খং উঠিছিল কি সুন্দৰ মূহূৰ্ত আছিল সেইটো।

এনেকৈয়ে দুটা সপ্তাহ গ’ল এতিয়া তেওঁ মোৰ ওচৰতে বহে মোৰ ফালে চাই হাঁহি দিয়ে আৰু মইও তেওঁৰ ফালে চাই হাঁহি দিওঁ কিন্তু বাৰে বাৰে সুধিম বুলিও সুধিৱ নোৱাৰিলোঁ তেওঁ মোৰ পৰা কিয় আঁতৰি আছিল। মই এটা কথাত নিশ্চিত হ’লো তেওঁৱো মোক মনে মনে ভালপায়।

সেইদিনা বতৰটো ডাৱৰীয়া আছিল অফিচলৈ যোৱাৰ ইচ্ছা নাছিল যদিওঁ যাবলৈ ওলালোঁ। নাহৰ জোপাৰ তলত বাছৰ বাবে অপেক্ষা কৰি আছোঁ তেওঁৱো মোৰ ওচৰতে থিয় হৈ ৰৈ আছে কিন্তু সময় পাৰ হৈ গ’ল অহাই নাই বাছ খন এতিয়াও। এইফালে আকাশখনো কলা মেঘে ছানি ধৰিছে হয়তো বৰষুণ অহাৰ আগজাননী। বহু সময় ৰৈ থাকিও এখনো গাড়ী নোপোৱাত ঘৰলৈ যাওঁ বুলি বেগাই খোজ দিলোঁ। তেওঁৱো মোৰ পিছে পিছে আহি আছে হঠাৎ চেচাঁ বতাহ এজাকে দেহ চুই গ’ল লগতে বৰষুণ এজাকো আহিল। ৰাস্তাৰ কাষতে থকা দোকান খনত সোমালোঁ তেওঁৱো মোৰ পিছে পিছে আহি সোমালহি নিজক বৰষুণ জাকৰ পৰা বচাবলৈ। ঠাণ্ডাত সৰ্বশৰীৰ কপি উঠিল কিন্তু কি কৰিম উপায়টো নাই। দোকান খনত প্ৰাণী বুলিবলৈ কেৱল তেওঁ আৰু মই। বহু সময় হ’ল বৰষুণ জাক কমাই নাই শেষত বৰষুণত তিতিয়েই ঘৰত যাম বুলি থিৰাং কৰিলোঁ আৰু চুৰ্ণী খনৰ এফালৰ আঁচল মূৰত ললোঁ। হয়তো তেওঁ কিবা বুজি পাইছিল আৰু মোৰ ওচৰলৈ আহি পিঠিত লৈ থকা মোনা খনৰ পৰা এটি গুলপীয়া ৰঙৰ ছাটি উলিয়াই মোৰ হাতত দিলে লগতে এটা চিঠিৰ খাম বোধহয় কিবা লিখা আছে। মই ভয় সংকোচে তেওঁৰ হাতৰ পৰা ছাটি আৰু চিঠিখন লৈ ঘৰলৈ বাট পোনালো।

সন্ধিয়া হৈছে বৰষুণ জাক প্ৰায় কমিব ধৰিছে। মুখ হাত ধুই চাহ পানী খাই বিচনাত পৰিলোঁ আৰু তেওঁ দিয়া চিঠিখন চাবলৈ মেলি ললোঁ বৰষুণত তিতাৰ বাবে কিছুমান আখৰ অস্পষ্ট হৈছিল যদিওঁ কেনেবাকৈ পঢ়িবলৈ ললোঁ।
মৰমৰ….
“তোমাৰ নাম নাজানোঁ অথবা তোমাৰ ঠিকনাও নাজানোঁ কিন্তু তোমাক মোৰ বহুত ভাল লাগে। বহুত দিনৰ পৰা কথা খিনি কম বুলি কব পৰা নাছিলোঁ কেনেকৈ কম ভাবি নাপাওঁ। তোমাক ওচৰত পালে সকলো খেলি মেলি হৈ যায়। তুমি হয়তো মোক গ্ৰহণ নকৰিবা তথাপিওঁ অাজি বহুত সূখ পাইছোঁ মোৰ মনৰ কথা খিনি কৱ পাৰি। তোমাৰ পৰা আঁতৰি থাকিবলৈ বহুত চেষ্টা কৰিলোঁ কিন্তু মই বিফল হলোঁ নোৱাৰোঁ তোমাক পাহৰিব। মই ব্ৰেইন কেঞ্চাৰত আক্ৰান্ত ‌ হৈছোঁ গম পোৱাত দেৰি হৈ গল বহুত হয়তো মই আৰু কেইটামান দিনৰ অতিথি। গতিকে মই তোমাক এটা প্ৰস্তাৱ দিৱ বিচাৰিছোঁ গ্ৰহণ কৰা নে নকৰা নাজানোঁ। মই জীয়াই থকা দিন কেইটা তোমাৰ সইতে অবিবাহিত কৰিৱ খোজোঁ যদি তুমি মত দিয়া মই তোমাক জীৱনসংগী হিচাপে পাৱ বিচাৰোঁ।আশা কৰোঁ তোমাৰ উত্তৰ পাম।”
ইতি
নিবিৰ

চিঠি খন পঢ়ি দুধাৰি চকুলো বৈ আহিল। আৰু এক অব্যক্ত বেদনাই চৌদিশ চানি ধৰিলে কি কৰোঁ কি নকৰোঁ ভাৱে আবৰি ধৰিলে কিয়নো মই যে তেওঁক বহুত ভাল পায় পেলাইছোঁ তেওঁ যেনেকুৱাই নহওঁক মোতকৈ শ্ৰেষ্ঠ নিশ্চয়।তেওঁক উত্তৰটো দিবই লাগিব বুলি মনতে থিৰাং কৰি চিঠিখন সজতনে থৈ দিলোঁ। সেইদিনা ৰাতিও টোপনি নাহিল এইবিলাক কথা ভাবি ভাবি।

ৰাতিপুৱা অইন দিনাতকৈ আগতে সাৰ পালোঁ অাজি একো কামতে মন বহুৱাব পৰা নাই,অফিচকো যোৱা নহল।দিনটো ইতো সিটো কামত নিজকে কিবা প্ৰকাৰে ব্যস্ত ৰাখিলোঁ।ৰাতি ভাত কেইটা সোনকালে খালোঁ উদ্দেশ্য উত্তৰটো দিয়াৰ কাৰণ সকলোঁ সময়তে কেৱল সেইবিলাকেই মনলে আহি আছিল। খৰধৰকৈ বিচনা খন ঠিক কৰি উত্তৰটো লিখিব ললোঁ।
মৰমৰ
নিবিৰ
তোমাতকৈ মোৰ জীৱনৰ কাহিনী বেছি বেদনাময় জন্মৰে পৰা মই মোৰ বাক শক্তিৰ পৰা বঞ্চিত হৈছোঁ। যিজনী মাই মোক তুলি তালি ডাঙৰ দীঘল কৰিলে তেওঁক মই মা বুলি মাত এষাৰ দিৱ নোৱাৰোঁ। মোৰো বহুত মন গৈছিল তোমাৰ সইতে কথা পাতিব চিনাকি হবলৈ কিন্তু কি কৰিম অনিচ্ছাসত্বেও মই মোৰ চিন্তা ভাৱনা বোৰক বাধা দিছিলোঁ। তুমি যদি মোৰ লগত সূখ দুখৰ সময়ত এষাৰ কথা পাতিব নোৱাৰা সুখী হবা জানোঁ বোবা মানুহ জনীৰ লগত।মই তোমাৰ জীৱনসংগী হবলৈ প্ৰস্তুত। তুমি চাগে মোক গ্ৰহণ নকৰিবা। চিঠি সামৰিলোঁ।
‌ ইতি
অংকিতা
পিছদিনা ৰাতিপুৱা তেওঁ দিয়া ছাটিটো লগতে মোৰ চিঠিখন এটা পলিথিনত ভৰাই এবুকু আশা মেৰিয়াই লৈ অফিচলৈ যাৱলৈ সাজু হলোঁ। নাহৰ জোপাৰ তলত ৰৈ আছোঁ অকনমান পিছত তেওঁকো দেখিলোঁ মুখত মিচিকিয়া হাঁহি কিবা পোৱাৰ হেঁপাহে মুখ মণ্ডল বেৰি ধৰিছে তেওঁৰ।বাছখন আহি ৰলহি মইও ছেগ বুজি খৰখেদাকৈ পলিথিনটো তেওঁৰ হাতত গুজি দিলোঁ। অাজি তেওঁ মোৰ ওচৰত বহা নাই মইও ভালে পালোঁ নিজকে সহজ কৰিৱ পৰা লাজতে ৰঙা চিঙা পৰিছোঁ।হৃদয়ত আশাৰ লানি নিছিগা সোঁত বব ধৰিছে। নিৰ্দিষ্ট স্হানত গাড়ী ৰল আৰু মই গাড়ী খন নেদেখা হোৱালৈ চাই ৰলোঁ।মনত হাজাৰ প্ৰশ্ন….তেওঁ বাৰু মোৰ চিঠিখন পঢ়িলেনে? পঢ়ি পেলাই কি ভাবিছে? তেওঁ মোৰ বিষয়ে জনাৰ পিছতো মোক গ্ৰহণ কৰিবনে? মই যে এজনী বোবা ছোৱালী।।

✍️ হিমাক্ষী বৰ্মন