উচ্চতৰ মাধ্যমিক টেটৰ পুনৰ ফলাফল ঘোষণা

বাৰ্ত্তাসেৱা – যোৱা ১০ ফেব্ৰ্ৰুৱাৰীত টেট পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল যদিও বহু পৰীক্ষাৰ্থীৰ পৰা আপত্তিত পুনৰ উত্তৰ বহীসমূহ ৰাজ্যৰ দুখন বিশ্ববিদ্যালয়ক পৰীক্ষা কৰিবলৈ দিয়া হয়। সেই অনুসৰি ঘোষণা কৰা ফলাফলত ২,৮৯৩ গৰাকী পৰীক্ষাৰ্থী উত্তীর্ণ হয়। তদুপৰি পূৰ্বে উত্তীৰ্ণ হোৱা কেইবাগৰাকীও পৰীক্ষাৰ্থীৰ নম্বৰো বৃদ্ধি পায়। উল্লেখ্য যে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ তত্ত্বাৱধানত যোৱা ১০ জানুৱাৰীত উচ্চতৰ মাধ্যমিকৰ টেট অনুষ্ঠিত হৈছিল। কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত অনুষ্ঠিত এই টেটত অৱতীৰ্ণ হৈছিল ২১,১৫৬ গৰাকী পৰীক্ষাৰ্থী আৰু উত্তীৰ্ণ হয় ১৯৩৮ গৰাকী ।