উঃ পূবৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰক: জাতীয় পৰিষদৰ নাগালেণ্ডত নিৰীহ লোকক হত্যাৰ প্ৰতিবাদ

pc Facebook

উঃ পূবৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰক: জাতীয় পৰিষদৰ নাগালেণ্ডত নিৰীহ লোকক হত্যাৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  নাগালেণ্ডৰ মন জিলাত নিৰাপত্তাৰক্ষীয়ে কমেও ১৩গৰাকী নিৰীহ লোকক গুলীয়াই হত্যা কৰা ঘটনাৰ অসম জাতীয় পৰিষদে তীব্ৰ গৰিহণা দিয়ে আৰু অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখন প্ৰত্যাহাৰৰ দাবী পুনৰ উত্থাপন কৰে৷ এক বিবৃতিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ভাৰতৰ অন্য ৰাজ্যৰ দৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰো স্বতন্ত্ৰভাৱে আৰু মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে৷ কিন্তু আপছাখন ধাৰাবাহিকভাৱে প্ৰযোজ্য কৰি কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলৰ জনসাধাৰণৰ সংবিধান-প্ৰদত্ত উক্ত অধিকাৰ কাঢ়ি নিছে৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নিৰাপত্তা সংস্থাসমূহে এই অঞ্চলৰ থলুৱা জনসাধাৰণৰ জীৱনক যে মুঠেই মূল্যবান বুলি নাভাৱে, তাৰ উদাহৰণ৷ নেতাদ্বয়ে কয় যে নিৰাপত্তা বাহিনীৰ অসংবেদনশীল তথা দায়বদ্ধতাহীন আচৰণে সাধাৰণ নিৰীহ মানুহৰ জীৱন নষ্ট কৰাৰ এইটোয়ে প্ৰথম ঘটনা নহয়৷ ১৯৯৪ চনত তিনিচুকীয়া জিলাৰ ডাঙৰিত সংঘটিত অনুৰূপ ঘটনাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ বৰ্তমানৰ নেতা তথা তেতিয়াৰ ছাত্ৰ নেতা জগদীশ ভূঞাই সুদীৰ্ঘ ২৪ বছৰ আইনী যুঁজ চলোৱাৰ অন্তত ২০১৮ চনত ৮গৰাকী সেনা বিষয়াক ন্যায়ালয়ে দোষী সাব্যস্ত কৰি কোৰ্ট মাৰ্শ্বেলৰ হুকুম দিবলগা হোৱা ঘটনাটো সেনা তথা কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ একাংশ লোকে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ জীৱনক তুচ্ছ জ্ঞৈন কৰাৰ এটা উদাহৰণ৷’উক্ত ক’লা আইনখন উত্তৰ পূৰ্বাঞ্চলত প্ৰযোজ্য হৈ থকাটো বৃটিছে ভাৰতত চলোৱাৰ দৰে কেন্দ্ৰই এই অঞ্চলতো উপনিৱেশিক শাসন চলাই থকাৰ প্ৰমাণ দিয়ে” – নেতাদ্বয়ে কয়৷ নাগালেণ্ডত সংঘটিত উল্লিখিত ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত দাবী কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা নিৰাপত্তা বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ নকৰিলে ভৱিষ্যতলৈয়ো যে অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি নহ’ব তাৰ একো নিশ্চয়তা নাই৷ ঘটনাত নিহত হোৱা লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈয়ো জাতীয় পৰিষদে দাবী জনায়৷