ঈদ উপলক্ষে কভিড প্ৰটকল’ শিথিলতাকলৈ ক্ষুণ্ণ বিশ্ব হিন্দু পৰিষদ

pc-uplabs

ঈদ উপলক্ষে কভিড প্ৰটকল’ শিথিলতাকলৈ ক্ষুণ্ণ বিশ্ব হিন্দু পৰিষদ

অনলাইল বাৰ্ত্তাসেৱা– কেৰেলা চৰকাৰে ঈদ-উল-আজহাৰৰ প্ৰতি লক্ষ্য ৰাখি কৰ’না নিষেধাজ্ঞা শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰি মেডিকেল এছ’চিয়েচন[আই এম এ] আৰু বিশ্ব হিন্দু পৰিষদে কেৰালা চৰকাৰক উক্ত সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনায়। আই এম এয়ে কয় যে ৰাজ্য চৰকাৰে কৰ’না প্ৰট’কল বলৱৎ নকৰিলে সংস্থাটোৱে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ বাধ্য হ’ব। আনফালে বিশ্ব হিন্দু পৰিষদে কয় যে মহামাৰীৰ বাবে উত্তৰ ভাৰতৰ ৰাজ্যত কাৱাড় যাত্ৰা স্থগিত ৰখা হৈছে। অন্যান্য ধাৰ্মিক অনুষ্ঠানৰ ক্ষেত্ৰতো বাধা নিষেধ আৰোপ কৰা হৈছে। এনে অৱস্থাত ঈদ উপলক্ষে শিথিলতা প্ৰদৰ্শন কৰা সিদ্ধান্ত অনুচিত বুলি বিশ্ব হিন্দু পৰিষদে মন্তব্য কৰে। এই অনুসৰি ১৮ জুলাইৰ পৰা ২০ জুলাইলৈ পুৱা সাত বজাৰ পৰা নিশা আঠ বজালৈ ৰাজ্যখনৰ কাপোৰ, জোতা আৰু গহণাৰ দোকান খোলা ৰখা হ’ব।

(R.T)