ইৰিটেবল বাৱেল ছিনড্রম (Irritable Bowel Syndrome) – ডাঃ ৰূপ শেখৰ ডেকা

PC Diabetes UK

        ইৰিটেবল বাৱেল ছিনড্ৰম বা আই বি এছ হৈছে এনেকুৱা এক বেমাৰ যত মানুহ এজনে পেটটো বেয়া লাগি থকা তথা তাৰ লগত পনীয়া পায়খানা নাইবা কোষ্ঠকাঠিন্যতাত ভোগা দেখা যায়। বর্তমান সময়ত আধুনিক বিশ্বত এক বুজনসংখ্যক মানুহে এই বেমাৰত ভুগি থকা দেখা গৈছে। এই বেমাৰৰ ফলত মানুহৰ জীৱনশৈলীত যথেষ্ট ঋণাত্মক প্রভাৱ পৰা দেখা যায় ৷ এই বেমাৰত ভোগা মানুহে স্কুললৈ নোযোৱা, অফিচত অনিয়মিতভাৱে উপস্থিত হোৱা, অফিচৰ কাম ঘৰলৈ লৈ অহা তথা কেতিয়াবা একেবাৰে কাম নকৰা অৱস্থালৈ যোৱাও দেখা যায়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত যথেষ্ট সংখ্যক লোক এই ৰোগবিধত ভুগি থকা দেখা গৈছে।

আই বি এছৰ লক্ষণসমূহঃ
১) পেটৰ বিষ তথা পেট ফুলি থকা যেন লগা, যিটো নেকি মানুহ এজনে কেৱল পায়খানা কৰাৰ পিছতহে আৰাম পায়।
২) পেটত অত্যধিক গেছ হোৱা।
৩) পনীয়া পায়খানা অথবা কোষ্ঠকাঠিন্যতা ৷ কেতিয়াবা ৰোগী এজনে কিছুদিনৰ মূৰে মূৰে এই দুয়োবিধ অৱস্থাৰেই সন্মুখীন হ’ব পাৰে।
৪) শৌচৰ লগত বিজল যোৱা।

     বেছিভাগ আই বি এছত ভোগা মানুহে ওপৰোক্ত লক্ষণসমূহত কেতিয়াবা অতি গুৰুতৰভাৱে ভোগে আৰু কেতিয়াবা ওপৰোক্ত লক্ষ্যণসমূহ কমি যায় অথবা সম্পূর্ণভাৱে নোহোৱা হৈ যায়।

আই বি এছৰ লক্ষণ দেখা দিয়াৰ প্ৰধান কাৰকসমূহঃ
১) খাদ্য: কেনেধৰণৰ খাদ্যৰ ফলত মানুহ এজনে আই বি এছত ভুগিব পাৰে তাক নিশ্চিতভাৱে কোৱাটো সম্ভৱ নহয়, কিন্তু বহু ৰোগীৰ ক্ষেত্ৰত কিছুমান খাদ্যই ৰোগবিধ হোৱাত অৰিহণা যোগোৱা দেখা গৈছে। এনে খাদ্যসমূহ হৈছে— আটা, গাখীৰৰ পৰা তৈয়াৰী খাদ্য সম্ভাৰ, টেঙা ফল-মূল, বন্ধা কবি তথা কিছু কার্বনেটেড ছফ্‌ফ্ট ড্রিংকছ |
২) উৎকণ্ঠা: বেছিভাগ ক্ষেত্ৰতে আই বি এছত ভোগা ৰোগীসকলে অত্যধিক মাত্ৰাত উৎকণ্ঠাত ভোগা দেখা যায় ৷ এনে উৎকণ্ঠাৰ ফলত লক্ষণসমূহ বৃদ্ধি পাব পাৰে যদিও কেৱল উৎকণ্ঠাৰ ফলত আই বি এছ নহয়।
৩) হর্মোন: সচৰাচৰ পুৰুষতকৈ ৷ মহিলাই আই বি এছত বেছিকৈ ভোগা দেখা যায়, যিটো নেকি হৰ্মোনৰ তাৰতম্যৰ ফলত হয় বুলি ভবাৰ থল আছে। এই আই বি এছ বেমাৰৰ লক্ষণসমূহ মহিলাৰ মাহেকীয়া হোৱাৰ সময়ত তথা তাৰ আগত বা পিছত বেছিকৈ হোৱা দেখা যায়।
৪) মানসিক ৰোগ: যদিহে এজন মানুহে ডিপ্রেশ্যন তথা আন কোনো মানসিক ৰোগত ভুগি থাকে তেন্তে তেওঁৰো আই বি এছ হ’ব পাৰে। মানসিক আঘাতেও কেতিয়াবা এই ৰোগ হোৱাত অৰিহণা যোগায়।

আই বি এছৰ প্ৰকাৰঃ এই বেমাৰবিধ প্রধানতঃ তিনি প্ৰকাৰৰ হোৱা দেখা যায় –
১) আই বি এছৰ স’তে কোষ্ঠকাঠিন্যতা
২) আই বি এছৰ স’তে পনীয়া পায়খানা
৩) আই বি এছৰ স’তে কোষ্ঠকাঠিন্যতা আৰু পনীয়া পায়খানা।

আই বি এছৰ কাৰণঃ
আই বি এছৰ প্রকৃত কাৰণ নিশ্চিতভাৱে পোৱা নাযায়। কিন্তু বিশেষ কিছুমান কাৰণত এই ৰোগবিধ হয় বুলি ভবা হৈছে।
১) অন্ত্ৰৰ মাংসপেশীৰ অনিয়মীয়া সংকোচন আমাৰ অন্ত্ৰৰ মাংসপেশীবোৰ কেইবাটাও তৰপত থাকে তথা এইবোৰ এক নিৰ্দিষ্টভাৱে সংকুচিত তথা বহল হৈ পৰে। যাৰ ফলত আমাৰ খাদ্যবস্তুবোৰ এক নির্দিষ্ট গতিৰে ক্ষুদ্রান্ত্ৰ তথা বৃহদান্ত্ৰৰে গতি কৰে। যদিহে এই মাংসপেশীসমূহৰ সংকোচন অত্যাধিক হয় তেন্তে মানুহ এজনৰ পেটত প্ৰচণ্ড গেছ হ’ব পাৰে, পেট ফুলি যাব পাৰে তথা পনীয়া পায়খানা হ’ব পাৰে। অথবা যদিহে এই মাংসপেশীসমূহৰ সংকোচন কমকৈ হয় তেন্তে অন্ত্ৰৰ মাজেৰে খাদ্যৰ গতি লেহেমীয়া হয় তথা মানুহজনে কোষ্ঠকাঠিন্যতাত ভুগিব পাৰে৷
২) স্নায়ুৰ দুৰ্বলতা: যদিহে অন্ত্ৰৰ স্নায়ুবোৰ কোনো কাৰণত দুৰ্বল হৈ পৰে, তেন্তে অন্ত্ৰৰ ওপৰত মগজুৰ নিয়ন্ত্ৰণ কিছু দুর্বল হৈ পৰে। যাৰ ফলত কেতিয়াবা কেতিয়াবা অন্ত্ৰৰ মাংসপেশীসমূহৰ নিয়মীয়া সংকোচনত প্ৰভাৱ পৰে, যাৰ ফলত মানুহজনৰ পনীয়া পায়খানা হোৱাৰ লগতে কোষ্ঠকাঠিন্যতাত ভুগিব পাৰে।
৩) ইনফেক্শ্যনৰ ফলত: কেতিয়াবা যিকোনো ধৰণৰ ভাইৰাচ বা বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈ পনীয়া পায়খানাত হোৱাৰ পিছতো মানুহ এজনে আই বি এছত ভুগিব পাৰে৷
৪) প্রয়োজনীয় বেক্টেৰিয়াৰ অভাৱৰ ফলত: আমাৰ অস্ত্ৰত এনে কিছু বেক্টেৰিয়া আছে যিটো নেকি খাদ্য বস্তু হজম কৰাৰ বাবে অতি আৱশ্যক৷ এনে বেক্টেৰিয়াৰ মাত্ৰা যদি অস্বাভাৱিকভাৱে কমি যায়, তেন্তে মানুহ এজনে আই বি এছত ভুগিব পাৰে।

আই বি এছৰ নিৰূপণঃ
আই বি এছ ধৰা পেলোৱাৰ বাবে কোনো নির্দিষ্ট পৰীক্ষা নাই। ইয়াক ধৰা পেলোৱাৰ বাবে চিকিৎসকে সম্পূর্ণ মানসিক তথা শাৰীৰিক পৰীক্ষা কৰাৰ আৱশ্যক হয়, যিটোৰ দ্বাৰা মানুহজনে অইন কোনো বেমাৰত ভুগি নথকাটো প্রথমেই নিশ্চিত হোৱা যায়। এনে কৰোতে কিছুসংখ্যক পৰীক্ষা-নিৰীক্ষা কৰাৰ প্ৰয়োজনো হয়- ফ্লেক্সিবল ছিগময়ড’স্ক’পি, কল’ন’স্কপি, এক্সৰে’ অথবা চিটি স্কেন, লেক্টজ ইনট’লাৰেন্স টেষ্ট, ব্ৰেথ টেষ্ট ফৰ বেক্টেৰিয়েল অভাগ্ৰ’থ, আপাৰ এনড’স্কপি, পায়খানাৰ পৰীক্ষা এনে কিছুমান পৰীক্ষাৰ দ্বাৰা চিকিৎসক এজনে মানুহ এজন আই বি এছত ভোগা বুলি নিশ্চিত হ’ব পাৰে যদিও ইয়াত যথেষ্ট অভিজ্ঞতাৰ প্ৰয়োজন হয়। কিয়নো ওপৰোক্ত কোনোবিধ পৰীক্ষাৰ দ্বাৰাই আই বি এছৰ নিশ্চিতি প্ৰদান কৰাটো হয় উচিত নহয়। সেয়েহে ৰোগীজনৰ বেমাৰটোৰ সম্পূৰ্ণ চিকিৎসাজনিত বিতং তথ্য লোৱাটো অত্যন্তই প্রয়োজন।

আই বি এছৰ চিকিৎসাঃ
যদিহে ৰোগী এজনৰ দেহত অতি লঘুভাৱে বেমাৰৰ লক্ষণসমূহ দেখা যায়, তেন্তে খাদ্যাভ্যাসৰ কিছু পৰিৱৰ্তন তথা উৎকণ্ঠা নির্মূল ৰ দ্বাৰা তেওঁ সম্পূৰ্ণ আৰোগ্য লাভ কৰিব পাৰে। তেনে ৰোগীয়ে কৰিবলগীয়া কামসমূহ হৈছে –
১) ফাইবাৰ বেছিকৈ থকা খাদ্য গ্ৰহণ কৰিব লাগে ৷
২) যথেষ্ট পৰিমাণৰ পনীয়া আহাৰ গ্ৰহণ কৰিব লাগে।
৩) নিয়মিত কচৰৎ কৰিব লাগে। যোগাভ্যাসে এই ৰোগ নির্মূলত যথেষ্ট সহায় কৰে।
৪) নির্দিষ্ট মাত্ৰাত টোপনিৰ অতি আৱশ্যক। কেতিয়াও টোপনি ক্ষতি কৰিব নালাগে ৷
৫) আটা, বার্লি, টেঙা ফল-মূল ইত্যাদি যথাসম্ভৱ নোখোৱাকৈ থাকিব লাগে।
৬) ধূমপান কৰিব নালাগে।
৭) খাদ্য অলপ অলপকৈ বহুবাৰ খাব লাগে। এবাৰতেই অধিক খাব নালাগে।

যদিহে এই বেমাৰৰ লক্ষ্যণসমূহ গুৰুতৰ হয় তেন্তে কিছুসংখ্যক ঔষধৰ প্রয়োজন হয়।
১) এণ্টিস্পাজম’ডিক: ই অন্ত্ৰৰ মাংসপেশীৰ অত্যধিক সংকোচন ৰোধ কৰে বুলি জনা যায়। কিন্তু এই ঔষধ গ্ৰহণৰ ফলত কোষ্ঠকাঠিন্যতাত ভোগাৰ সম্ভাৱনা থাকে।
২) এণ্টিডায়েৰিয়েল: ডায়েৰীয়া ৰোধৰ বাবে ইম’ডিয়াম জাতীয় ঔষধ ব্যৱহাৰ কৰা হয়।
৩) লেকজেটিভ: ই সাময়িকভাৱে কোষ্ঠকাঠিন্যতাৰ পৰা মুক্ত কৰিব পাৰে।
৪) এণ্টি ডিপ্রেচেণ্ট: বেছিকৈ উৎকণ্ঠা তথা ডিপ্ৰেশ্যনত ভোগা ৰোগীক এনেধৰণৰ ঔষধ দিয়া যায়।
৫) লিনাক্লটাইড আৰু লুবিপ্ৰস্তন জাতীয় ঔষধো আজিকালি আই বি এছৰ চিকিৎসাৰ বাবে ব্যৱহৃত হয়।

ইয়াৰ উপৰিও লক্ষণ অনুযায়ী চিকিৎসকসকলে এই ৰোগৰ উপশমৰ বাবে আন বহুসংখ্যক ঔষধ বেমাৰৰ লক্ষণ অনুযায়ী ব্যৱহাৰ কৰা দেখা যায়।