ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ-ইন-চীফৰ দায়িত্বত প্ৰথমজন অসম সন্তান ৰাণা প্ৰতাপ কলিতা

ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ-ইন-চীফৰ দায়িত্বত প্ৰথমজন অসম সন্তান ৰাণা প্ৰতাপ কলিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ-ইন-চীফ হিচাপে দায়িত্ব গ্ৰহণ প্ৰথমজন অসমীয়াৰ।ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই  সেনাৰ ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ ইন চীফ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।কলকাতাস্থিত গেৰিচন বেটেলিয়ানৰ পেৰেড গ্ৰাউণ্ডত গাৰ্ড অব অনাৰ সন্মান লৈ বিজয় শিখৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাণা প্ৰতাপ কলিতাই দায়িত্ব গ্ৰহণ কৰে।এইগৰাকী অসমৰ বীৰ সন্তানে শ্ৰীলংকা,জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা বিভিন্ন অভিযানত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।তেওঁ উত্তম যোদ্ধা সেৱা পদক, অতি বিশিষ্ট সেৱা পদক, সেনা মেডেল আৰু চীফ আৰ্মী কোমেণ্ডেচন পুৰস্কাৰ লাভ কৰিছে।ৰাণা প্ৰতাপ কলিতাৰ জন্ম হৈছিল ৰঙিয়াত।ৰাণা প্ৰতাপ কলিতা পূৰ্বে সেনা বাহিনীৰ তৃতীয় ক’ৰৰ জিঅ’চি হিচাপে দায়িত্বত আছিল আৰু তাৰ পাছত ভাৰতীয় সেনাৰ মেন পাৱাৰ সঞ্চালক হিচাপে আছিল।লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা ১৯৮৪ চনত ৯ নং কুমাও ৰেজিমেণ্টত ভৰ্তি হয় আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় ৰাইফলছৰ কামাণ্ডাৰ হিচাপে আছিল দায়িত্ব গ্ৰহণ কৰে।