ইলন মাস্কক চেৰ পেলাই পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিৰ শীৰ্ষত বার্নার্ড আনউ

ইলন মাস্কক চেৰ পেলাই পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিৰ শীৰ্ষত বার্নার্ড আনউ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিলাসী সামগ্ৰীৰ বিখ্যাত কোম্পানী এল ভি এম এইচৰ গৰাকী,ফ্ৰান্সৰ ব্যৱসায়ী বার্নার্ড আনউ পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে।ব্লুমবার্গ বিলিয়নাৰ্ছ ইনডেক্সত কালি তেওঁ টুইটাৰৰ গৰাকী ইলন মাস্কক চেৰ পেলায়।আর্নউ-এ প্রথমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে।ফ্ৰান্সৰ বা সামগ্ৰিকভাৱে ইউৰোপৰ কোনো ব্যক্তি আগতে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হোৱা নাছিল।৭৩ বছৰ বয়সীয়া আনউ প্ৰচাৰ বিমুখ ব্যক্তি।ছ’চিয়েল মিডিয়াত তেওঁক কাচিৎহে দেখা যায়।তেওঁ টুইট নকৰে।আনৰ্ডৰ সম্পত্তিৰ পৰিমাণ ১৮৮.৬ বিলিয়ন ডলাৰ।আনহাতে, মাস্কৰ সম্পত্তিৰ পৰিমাণ ১৭৮.৬ বিলিয়ন ডলাৰ।এল ভি এম এইচে ৭৫ বিধ বিলাসী সামগ্রী উৎপাদন কৰে।কোম্পানীটোত আনউ আৰু তেওঁৰ পৰিয়ালৰ প্ৰায় ৪৮ শতাংশ অংশ আছে আৰু ৬৪ শতাংশ ভোটাধিকাৰ আছে।আনৰ্ডৰ পাঁচজন সন্তানৰ ভিতৰত চাৰিজনে এল ভি এম এইচতে কাম কৰে।