ইমিউনিটী বা ৰোগ প্ৰতিৰোধক্ষমতাৰ বিষয়ে জাঁনো আহক -ডা° ইন্দুভূষণ শৰ্মা চিকিৎসা বিষয়া(আয়ু), শিঙিয়া পোতনি

ইমিউনিটী বা ৰোগ প্ৰতিৰোধক্ষমতাৰ বিষয়ে জাঁনো আহক ঃ
************************************************
( বৰ্তমান কৰোনা ভাইৰাছে সকলোকে আতংকিত কৰা সময়ত কিছু সহায়ক বুলি লেখাটো আগবঢ়ালো )

ইমিউনিটী বা ৰোগপ্ৰতিৰোধক্ষমতা হৈছে জীৱদেহৰ এনে এটা প্ৰক্ৰিয়া যিয়ে দেহত প্ৰৱেশ কৰা বিভিন্ন অনিষ্টকাৰী বীজাণু বা বিষাক্ত পদাৰ্থ (toxin) ক বাধা প্ৰদান কৰে৷ সাধাৰনতে আমি খোৱা দুষিত খাদ্য ,উশাহ নিশাহ ,কাহ,হাঁচি,বিভিন্ন প্ৰকাৰৰ স্পৰ্শ,চুম্বন,যৌনসম্পৰ্ক আদিৰ যোগেদি বীজাণুসমূহ যেনে ভাইৰাছ,বেক্টেৰীয়া আদি মানৱদেহৰ সংস্পৰ্শলৈ আহে ৷ কিন্তু দেহত জন্মগত ভাৱে কিছুমান প্ৰতিৰোধ ব্যৱস্থা থাকে ৷ উদাহৰণস্বৰূপে চাল,শ্বাস প্ৰশ্বাস নলীকা বা খাদ্যনলীত আদিত থকা শ্লেচমা আৱৰণ ( mucous membrane), লালতি গ্ৰন্হি বা চকুপানীত থকা লাইছ’জম ,পাকস্হলীৰ পাচক ৰস (Gastric juice) ,মহিলাৰ যৌনগ্ৰন্হিৰ পৰা নিঃসৰিত ৰস (vaginal secretion) ,তেজত থকা নিউট্ৰ’ফিল,মন’চাইট আদি শ্বেত ৰক্ত কণিকা(WBC) কে ধৰি অন্য কিছুমান কোষ ( যেনে Macrophage, NK cell ,Complement System ) ইত্যাদি ৷ এইবোৰে দেহত কোনো বীজাণু প্ৰৱেশ কৰাৰ লগে লগে বাধা প্ৰদান কৰে ৷ জীৱদেহৰ এই প্ৰথম পৰ্যায়ৰ প্ৰতিৰোধক্ষমতা ক ইনেট ইমিুনিটী( Innate Immunity) বা Natural Immunity বোলা হয় ৷ আনহাতে জন্মৰ পিছতে দেহত এক অন্য ধৰণৰ প্ৰতিৰোধক্ষমতা গঢ়ি উঠে যাক অৰ্জিত বা adaptive বা acquired immunity বোলা হয় ৷ দেহত কোনো বীজাণু সংক্ৰমণৰ ফলত সৃষ্টি হোৱা এন্টিবডী বা তেজত থকা লিম্ফচাইট ( T-cell আৰু B-cell) নামৰ কণিকাই ইয়াত অংশগ্ৰহণ কৰে ৷ এই ধৰণৰ প্ৰতিৰোধক্ষমতাই কেৱল কোনো অনিষ্টকাৰী বীজাণুক বাধা প্ৰদানে নকৰে,ই ভৱিষ্যতে সেই বীজাণু ক চিনাক্তকৰণ কৰি প্ৰতিৰোধো কৰে ৷ আৰ্জিত (বা Aquired) ইমুউনিটী দুই ধৰণৰঃ

১) এক্টিভ ইমুউনিটী (Active Immunity)ঃ এই ধৰনৰ প্ৰতিৰোধক্ষমতা গঢ়ি উঠোতে কিছু সময় লাগে যদিওঁ গোটেই জীৱনৰ বাবে গঠন হয় ৷ ই প্ৰাকৃতিক ভাৱে কোনো বীজাণুৰ সংক্ৰমণৰ ফলত এন্টিবডী সৃষ্টি হৈ সেই বীজাণুৰ পৰা সুৰক্ষা প্ৰদান কৰে ৷ যেনে ধৰক হেপাটাইটিছ এ ( Hepatitis A ) নামৰ ভাইৰাছজনিত ৰোগ কোনো এজন ব্যক্তিৰ দেহত হ’লে তাৰ ফলত তেজত যি এন্টিবডী বা প্ৰতিৰোধক্ষমতা সৃষ্টি হয় সি প্ৰায় গোটেই জীৱনজুৰি সেইজন ব্যক্তিক হেপাটাইটিছ এ ৰ পৰা সুৰক্ষা দিয়ে ৷ আনহাতে বিভিন্ন ভেকচিন বেজী হিচাপে বা মৌখিকভাৱে (Orally) প্ৰয়োগ কৰি বিভিন্ন ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধক্ষমতা গঢ়ি তুলিব পাৰি ৷ উদাহৰণস্বৰূপে ঃ বি.চি.জি , অ’ৰেল প’লিঅ’ ভেকচিন , পেন্টাভেলেন্ট, এম আৰ ভেকচিন ইত্যাদি ৷

২) পেচিভ ইমিউনিটী (passive Immunity)ঃ এই ধৰণৰ প্ৰতিৰোধক্ষমতা সাময়িকভাবে গঢ়ি উঠা ইমুউনিটী ৷ যেনে মাতৃদুগ্ধৰ যোগেদি শিশুৱে পোৱা IgA নামৰ এন্টিবডীয়ে জন্মৰ পৰা প্ৰায় তিনি চাৰি মাহলৈ সুৰক্ষা প্ৰদান কৰে ৷ আন কিছুমান কৃত্ৰিম উপায়ে দেহত এন্টিবডী প্ৰয়োগ কৰি বিভিন্ন বীজাণুৰ সংক্ৰমনক বাধা দিব পাৰি ৷ উদাহৰণস্বৰূপে ঃ কটাছিঙা বা জুয়ে পোৰা আদিত ব্যৱহৃত এন্টি টিটেনাছ চেৰাম বা টি.টি ভেকচিন ৷

#ৰোগপ্ৰতিৰোধক্ষমতা বৃদ্ধি কৰিবলৈ বা অটুট ৰাখিবলৈ থোৰতে কিছুমান উপায় উল্লেখ কৰা হ’ল

১) দৈনিক পুষ্টিকৰ আৰু সুষম আহাৰ ( balanced diet) গ্ৰহণ কৰা ৷ পানী আৰু অন্যান্য তৰল দ্ৰব্য (ফলৰ ৰস,চুপ আদি) ৰ পৰিমাণ বৃদ্ধি কৰা ৷

২) চেনী , নিমখ ; বটল বা পেকেটৰ সংৰক্ষিত খাদ্য ( শীতল পানীয়,চ’চ,আচাৰ,চিপছ,নডুলছ) , ফাষ্ট ফুদ, সংপৃক্ত স্নেহ ( যেনেঃ তেল , ঘী, বাটাৰ ,ক্ৰীম , ৰেদমীট আদি) ৰ পৰিমাণ হ্ৰাস কৰা ৷

৩) সেউজীয়া শাকপাছলি আৰু ৰং বিৰঙৰ ফলমূল, মাঁহজাতীয় শস্য,আ্হজাতীয় খাদ্য , শুকান ফল আদি দৈনিক খাদ্যতালিকাত সন্নিবিষ্ট কৰা ৷ মাছ , মাংস,কণী ,গাখীৰ আদি প্ৰ’টিনযুক্ত খাদ্য নিয়মিত গ্ৰহণ কৰা দৰকাৰ ৷ ভিটামিন চি যুক্ত খাদ্য (যেনেনেমু ,কমলা ,আমলখী,আঙুৰ ইত্যাদি ) , ওমেগা থ্ৰী ফেটীএছিদ যুক্ত খাদ্য (যেনে সাগৰীয় মাছ , ফ্লেক্স ছীড বা তিচি ,ৱালনাট আদি ) আৰু প্ৰবায়টিকযুক্ত খাদ্য ( যেনে দৈ, পনীৰ, পাউৰুটি আদি) দেহৰ ৰোগপ্ৰতিৰোধক্ষমতা ৰক্ষাত অধিক উপযোগী ৷

৪) ধুমপান আৰু অত্যাধিক মদ্যপানৰ পৰা বিৰত থকা ৷

৫) দেহৰ সামৰ্থ্য অনুযায়ী দৈনিক সৰু ডাঙৰ ব্যয়াম কৰা। কিছুমান যোগাসন যেনে প্ৰাণায়ম ,অনুলোম বিলোম,কপালভাটি ফলপ্ৰসূ ৷

৬) পৰ্যাপ্ত জিৰণি ল’ব লাগে। দৈনিক ৭ ৰ পৰা ৮ ঘণ্টাৰ ভাল টোপনিৰ আৱশ্যক ৷

৭) অত্যাধিক চিন্তা ,উদ্বীগ্নতাৰ পৰা আঁতৰত থকা। অত্যাধিক চিন্তাৰ ফলত এডৰিনেল গ্লেণ্ডৰ পৰা নিঃসৰিত কৰ্টিজ’ল হ’ৰমনে ইমুউনিটীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় ৷

৮) বীজাণু সংক্ৰমন ৰোধ কৰিবলৈ ল’বলগীয়া ব্যৱস্হা সমূহ গ্ৰহণ কৰা। যেনে সঘনাই হাত ধোৱা ,মাক্স পৰিধান কৰা ইত্যাদি ৷

৯) ভেকচিনৰ দ্বাৰা বাধা দিব পৰা ৰোগসমূহত আগটীয়াকৈ ভেকচিন গ্ৰহণ কৰা।

  • ডা° ইন্দুভূষণ শৰ্মা
    চিকিৎসা বিষয়া(আয়ু), শিঙিয়া পোতনি
    ক্ষুঃপ্ৰাঃস্বাস্হ্যকেন্দ্ৰ ,নগাঁও ৷
    ফোনঃ৮৬৩৮৮৮৩২৩৬