ইন্দোৰ দেশৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ চহৰ

pc-The Hindu

ইন্দোৰ দেশৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ চহৰ

অনলাইন বাৰ্ত্তাসেৱা– বুধবাৰে কেন্দ্ৰীয় চৰকাৰে ‘স্বচ্ছ সৰ্বেক্ষণ-২০২১’ৰ অধীনত দেশৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে মধ্যপ্ৰদেশৰ ইন্দোৰক স্বীকৃতি প্ৰদান কৰে। পূৰ্বেও দেশৰ সৰ্বাধিক পৰিষ্কাৰ চহৰ হিচাপে চিহ্নিত হৈ আছিল ইন্দোৰ। সমান্তৰালভাৱে ইন্দোৰ দেশৰ প্ৰথমখন ‘ৱাটাৰ প্লাছ’ চহৰ হিচাপে চিহ্নিত হৈছে। চহৰৰ বিভিন্ন স্থানৰ পৰা নিষ্কাষণ হোৱা প্ৰদূষিত পানী পৰিশোধন ব্যৱস্থা কৰাকে ‘ৱাটাৰ প্লাছ’ বুলি কোৱা হয়। চহৰখৰ নদী, নলা আদি পৰিষ্কাৰ কৰি ৰখাৰ বাবে  চহৰখনক ৱাটাৰ প্লাছ চহৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে ইন্দোৰক প্ৰদান কৰিছে এই স্বীকৃতি। কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এনে স্বীকৃতিৰ পাছতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ইন্দোৰৰ নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ ইন্দোৰচহৰখনৰ বাসিন্দাসকলক ইন্দোৰক দেশৰ এক উদাহৰণ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে প্ৰশংসা কৰিছে।

by Utpal Kalita