ইনষ্টাগ্ৰামত অনুগামীৰ সংখ্যা ৩০০ মিলিয়নৰ সীমা অতিক্রমী ক্রিষ্টিয়ানো ৰোণাল্ডোৱে গঢ়িলে আন এক অভিলেখ

pc Forbes

অনলাইন বাৰ্ত্তাসেৱা – অনুগামীৰ সংখ্যাৰে সকলোকে চমকিত কৰিলে ক্রিষ্টিয়ানো ৰোণাল্ডোৱে। ছ’চিয়েল মিডিয়াত এক আকাশলংঘী অভিলেখ গঢ়িলে পৰ্তুগীজ তাৰকা ক্রিষ্টিয়ানো ৰোণাল্ডোৱে৷ শুকুৰবাৰে ইনষ্টাগ্ৰামত অনুগামীৰ সংখ্যা ৩০০ মিলিয়ন অতিক্ৰম কৰি বিশ্বৰ প্ৰথমজন লোক হিচাপে এই অভিলেখ গঢ়িলে ফুটবল তাৰকাগৰাকীয়ে। উল্লেখ্য যে ইনষ্টাগ্ৰামত ২০০ মিলিয়ন অনুগামীৰ সীমা পাৰ কৰা বিশ্বৰ প্ৰথমজন আছিল ক্রিষ্টিয়ানো ৰোণাল্ডো। খেলুৱৈৰূপে ক্লাব তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত ধাৰাবাহিক দুর্দান্ত প্ৰদৰ্শনেৰে বিশ্বৰ চুকে-কোণে জনপ্রিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা ৰোণাল্ডো এজন ব্যক্তি হিচাপেও আন বহু কাৰণত জনপ্রিয়। তেওঁৰ স্পষ্টবাদী মানসিকতা, আতৰ্জনলৈ আগবঢ়োৱা নিঃস্বার্থ সহায় আদি প্রায়ে সংবাদ মাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰে। এইগৰাকী তাৰকা ফুটবলাৰে এইবাৰ খেলপথাৰত নহয়, বৰং ইনষ্টাগ্ৰামত অনুগামীৰ সংখ্যা ৩০০ মিলিয়নৰ সীমা অতিক্রমী গঢ়িলে আন এক অভিলেখ । যি অভিলেখ ভংগ কৰাটো আন চেলিব্রেটীৰ বাবে সহজ নহ’ব।