ইতিহাসত প্ৰথমবাৰৰ বাবে পেট্ৰ’-ডিজেলৰ মূল্যই ১০০ টকা অতিক্ৰম কৰিছে

pc APN News

অনলাইন বাৰ্ত্তাসেৱা – ইতিহাসত প্ৰথমবাৰৰ বাবে দেশৰ ২ শতাধিক চহৰত এতিয়া পেট্ৰ’লৰ মূল্য ১০০ টকা অতিক্ৰম কৰিছে। তাৰ পাছতে মৌনতা অৱলম্বন কৰা দেখা গৈছে বিজেপি নেতৃত্বাধীন চৰকাৰখনে। এই মন্তব্য প্ৰকাশ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ শক্তিসেন গোহিলে। ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে কয় যে মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা, অৰ্থনৈতিক সংকট আৰু কৰ’না মহামাৰীৰ দৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত সৃষ্টি হোৱা এই দুযোগৰ কুফল ভুগিবলগীয়া হৈছে সমগ্ৰ দেশৰ জনসাধাৰণে । ইন্ধনৰ দৈনিক দামবৃদ্ধিয়ে যি সমস্যাৰ সৃষ্টি কৰিছে , এই সমস্যাই জনতাক জীয়াই থকাৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। বৰ্তমান কৰ’না আৰু মিনি লকডাউনৰ বাবে সমগ্ৰ বিশ্বত খাৰুৱা তেলৰ দাম যথেষ্ট কম হৈ থকাৰ পাছতো দেশত পেট্ৰ’ল-ডিজেলৰ দাম সঘনাই বৃদ্ধি কৰি থকা হৈছে বুলি দাবী কৰি শীৰ্ষ কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে মোডী চৰকাৰে যোৱা জ্জবছৰত ইন্ধনৰ নামতে ২৫ লাখ কোটিতকৈ অধিক আবকাৰী শুল্ক সংগ্ৰহ কৰিছে। যোৱা জ্জবছৰত ইন্ধনৰ নামতে ২৫লাখ কোটিতকৈ অধিক আবকাৰী শুল্ক সংগ্ৰহ কৰিছে। যোৱা ৭ বছৰত পেট্ৰ’লত আবকাৰী ২৪৮ শতাংশ আৰু ডিজেলত ৮২০ শতাংশ বৃদ্ধি কৰা হৈছে। একেদৰে এই সময়ছোৱাত প্ৰতি লিটাৰ পেট্ৰ’লত ২৩.৫০ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ২৮.৩৭ টকা আবকাৰী শুল্ক বৃদ্ধি কৰা হ’ল। ২০১৪-১৫ চনৰ সৰ্বমুঠ আবকাৰী শুল্ক ৯৯,০০০ কোটিৰ পৰা ২০২০-২১ চনলৈ ৪ লাখ ৫৩,০০০ কোটি টকালৈ বৃদ্ধি হৈছে। ইউ পি এ প্ৰথম আৰু দ্বিতীয় চৰকাৰৰ সময়ত ঘৰুৱা খাৰুৱা তেলৰ উৎপাদন ২৩.চ্ছ্ৰ শতাংশ আছিল আৰু ২০১৪ চনৰ পৰা ২০২০ চনলৈ এই উৎপাদন ১৫.জ্জ্ব শতাংশলৈ হ্ৰাস হ’ল বুলি জানিবলৈ দি তেত্তঁ কয় যে কথাই কথাই পূৰ্বৰ ইউ পি এ চৰকাৰলৈ দোষ ঠেলা মোডী চৰকাৰে নিজৰ অদক্ষতাক লুকুৱাই ৰাখিব বিচাৰে। তেল আৰn প্ৰাকৃতিক গেছ নিগম [অ’ এন জি চি ]ৰ মুঠ ঘৰুৱা তেল উৎপাদনৰ বাবে মূলধন ব্যয় ৬৩ শতাংশৰ পৰা ৮ শতাংশ নিম্নগামী হৈ ২০২০-২১ বৰ্ষৰ বাৰ্ষিক বাজেট ৩২,৫০১ কোটি টকাৰ পৰা ২০২০-২১ বৰ্ষৰ বাৰ্ষিক বাজেট ২৯,৮০০ কোটি টকালৈ হ্ৰাস পাইছে বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামবৃদ্ধি সন্দৰ্ভতো চৰকাৰখনক তীক্ষ্ন বাক্যবাণেৰে সমালোচনা কৰি ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে কয় যে ২০১৪ চনত এটা চিলিণ্ডাৰৰ দাম ৪১৪ টকা আছিল আৰু আজি ৮৮৩.৫০ টকালৈ বৃদ্ধি পালে।

(RT.)