ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা স্থান লাভ

pc.- Deccan Herald

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা স্থান লাভ

ৰঙিলী বাৰ্ত্তাসেৱা- ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা প্ৰভাৱশালী ব্যক্তিৰ ১০০জনীয়া তালিকাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৩২ সংখ্যক স্থান লাভ কৰিছে।২০২১ বৰ্ষত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৬০সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে ২০২২ বৰ্ষত ২৮টা স্থান আগুৱাই ৩২সংখ্যক স্থান লাভ কৰিছে। এই তালিকাত একেৰাহে অষ্টমবাৰৰ বাবে দেশৰ প্ৰভাৱশালী ব্যক্তিৰ শীৰ্ষস্থানত আছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। শীর্ষ ১০ স্থানত মোদীৰ পাছত স্থান লাভ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, উদ্যোগপতি ৰিলায়েঞ্চৰ স্বত্বাধিকাৰী মুকেশ আম্বানি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগ আদিত্যনাথ, উদ্যোগপতি আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমী পাটীৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে। ২০২১ বৰ্ষতকৈ ২৮টা স্থান আগুৱাই ৩২সংখ্যক স্থান লাভ কৰা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উত্তৰ-পূবৰ বিজেপিৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত সবাতোকৈ প্ৰভাৱশালী। ৰাজনৈতিক ক্ষেত্ৰখনত চাণক্য হিচাপে পৰিচিত ড° হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰশাসনৰ ধাৰণাক বিশ্বাসেৰে চলাইছে আৰু চৰকাৰ চলোৱাত দক্ষতা প্ৰকাশ কৰিছে। উত্তৰ-পূবৰ অতি দক্ষ তথা বিজেপিৰ সংকটমোচক হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই ‘কা’ৰ পাছত অসমত সৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ গতে মণিপুৰৰ ৰাজনৈতিক সংকটো সমাধান কৰিছিল। অসম আৰু মিজোৰামৰ আৰক্ষীৰ মাজত সীমান্তত চলা ৰক্তাক্ত আৰু হিংসাত্মক সংঘৰ্ষক ড° শৰ্মাই দক্ষতাৰে নিয়ন্ত্ৰণ কৰিছিল। সম্প্রতি অসম মেঘালয়ৰ মাজত চলি থকা সীমা বিবাদ সমাধানৰ চেষ্টা চলাই আছে। পৰৱৰ্তী বৰ্ষৰ প্ৰাৰম্ভতে অনুষ্ঠিত হ’বলগীয়া ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনত ড° শৰ্মা অতি গুৰুত্বপূৰ্ণ হিচাপে চৰ্চিত হৈ আছে। দলৰ শীৰ্ষ নেতাই বিচৰাৰ দৰে ড° শৰ্মাই নিৰ্বাচনী প্রক্রিয়া আগবঢ়াই নিব পাৰে।উল্লেখ্য যে কংগ্ৰেছৰ যুৱৰাজ হিচাপে পৰিচিত ৰাহুল গান্ধীতকৈ প্ৰভাৱশালী ড° হিমন্ত বিশ্ব শৰ্মা। ১০০জনীয়া তালিকাত ড°  হিমন্ত বিশ্ব শৰ্মাই ৩২সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ যুৱৰাজে ৫১ সংখ্যক স্থান লাভ কৰিছে। তালিকাত ৰাজনীতিৰ পৰা উদ্যোগলৈ, ক্ৰীড়াৰ পৰা সাংস্কৃতিক জগতলৈকে বিভিন্নজনে স্থান লাভ কৰিছে।