ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে ভাৰতীয় মহিলা হকী দলৰ ৯ জন সদস্যক নিযুক্তি দিয়ে

pc Times of India

ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে ভাৰতীয় মহিলা হকী দলৰ ৯ জন সদস্যক নিযুক্তি দিয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা বছৰৰ টকিঅ’ অলিম্পিকত চতুৰ্থ স্থান লাভ কৰা ভাৰতীয় মহিলা হকী দলৰ ৯জন সদস্যক ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে নিযুক্তি দিছে। চৰকাৰী মালিকানাধীন কোম্পানীটোৱে ক্ৰীড়া আৰু মহিলা হকীৰ প্ৰচাৰৰ বাবে ইয়াৰ নীতিৰ অংশ হিচাপে এই মহিলা হকী খেলুৱৈসকলক নিয়োগ কৰিছে। নিযুক্তি দিয়া হকী খেলুৱৈসকলৰ ভিতৰত আছে সুমন দেৱী থৌডাম, ৰাজবিন্দৰ কৌৰ, ৰশ্মিতা মিঞ্জ, শৰ্মিলা দেৱী, ইশিকা চৌধুৰী, বিচু দেৱী খাৰিবাম, দীপিকা, বলজিৎ কৌৰ আৰু অক্ষতা ধেকালে।