ইটালীয়ে অষ্ট্ৰিয়াক ২-১ গ’লত পৰাস্ত কৰি ভংগ কৰে ৮২ বছৰীয়া অভিলেখ

pc ABC News

অনলাইন বাৰ্ত্তাসেৱা – শনিবাৰে নিশা ইটালীয়ে লণ্ডনত অষ্ট্ৰিয়াক ২-১ গ’লত পৰাস্ত কৰি ইউৰোপিয়ান চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৮২ বছৰৰ পুৰণি ৩০ খন খেলৰ অপৰাজিত হৈ থকাৰ পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে আৰু এক নতুন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয় য’ত ইটালীয়ে ৩১ খন খেলত ধাৰাবাহিৰভাৱে অপৰাজেয় হৈ ৰয়। ইটালী ১৯৩৫ চনৰ পৰা ১৯৩৯ চনলৈ চাৰি বছৰৰ বাবে অপৰাজেয় হৈ আছিল।