ইটাবোৰ সকলো‌ একে,পাৰ্থক্য মাথোঁ আপোনাৰ প্ৰয়োগত-চন্দ্ৰ শেখৰ পৰাজুলী

Pc wikipedia

ইটাবোৰ সকলো‌ একে,পাৰ্থক্য মাথোঁ আপোনাৰ প্ৰয়োগত

জীৱন নামৰ ঘৰখন সূন্দৰভাবে সাজিবলৈ হ’লে আমাক বহুতো ইটা টুকুৰাৰ দৰকাৰ হয়। আচলতে আমাৰ চৌদিশে ইটাবোৰ তৈয়াৰ বাবে অনেক  কাৰখানা দেখিবলৈ পাওঁ। প্ৰতিটো কাৰখানাতে প্ৰায় হুবহু একেটা ধৰনৰ ইটা তৈয়াৰ কৰা দেখা যায় নহয়নে? । এতিয়া কথা হ’ল, কোনটো কাৰখানাৰ জৰিয়তে আপুনি ইটাবোৰ ক্ৰয় কৰি আনি আপুনি তাৰ জৰিয়তে কি নিৰ্মাণ কাৰ্য্যত প্ৰয়োগ কৰিব সেইটো কিন্তু একমাত্ৰ আপোনাৰ কথা। অৰ্থাৎ ইটাবোৰ সকলো একে, পাৰ্থক্য মাথোঁ আপোনাৰ প্ৰয়োগত। আপুনি ইটাবোৰ ক্ৰয় কৰি আনি এখন ধুনীয়া ঘৰে সাজিলে নাইবা তাৰ জৰিয়তে এখনি শৌচালয় সাজিব পাৰে বা এখনি ধুনীয়া নামঘৰ সাজি উলিয়াব পাৰে। অৰ্থাৎ বস্তুবোৰ সকলো একে মাথোঁ আমাৰ প্ৰয়োগত দিশত কেতবোৰ পাৰ্থক্য আহি পৰে। বস্তুবোৰ যিধৰনে প্ৰয়োগ কৰা হয় সেইধৰনে বস্তু সমুহৰ মাজত অন্তৰ আহি পৰে।
উক্ত আলোচনাৰ জৰিয়তে মই সংসাৰত জন্ম গ্ৰহণ কৰি এতিয়ালৈকে যিবোৰ কথা বা যিখিনি শিক্ষা আয়ত্ত কৰিবলৈ সক্ষম হলো তাৰে চমুকৈ আপোনালোকৰ আগত বৰ্ণনা কৰিবলৈ লৈছোঁ। চাওঁক এই সংসাৰত জন্ম গ্ৰহণ কৰা প্ৰায় প্ৰতিজন মানুহে হুবহু একে ধৰনৰ। আমাৰ মাজত হয়তো ৰূপ, ৰঙৰ,ভাষা, সংস্কৃতিৰ কিছু অন্তৰ দেখিবলৈ পাওঁ । ঠিক সেই ইটা তৈয়াৰ কৰাৰ অনেক কাৰখানা সমূহৰ দৰে। কিন্তু এজন মানুহ হিচাপে আমি সকলোৱে একে। গতিকে আপোনাৰ নিজ নিজ ঠাইৰ অভিজ্ঞতাবোৰ সংগ্ৰহ কৰি অন্তিম আপুনি গৈ সমাজ এখনত কিধৰনৰ ভূমিকা গ্ৰহণ কৰিব সেইটোহে আচল কথা। অৰ্থাৎ আপুনি ক্ৰয় কৰি অনা ইটাবোৰৰ জৰিয়তে নামঘৰ নিৰ্মাণত সহভাগী হবনে নাইবা বাসস্থান নিৰ্মাণ কাৰ্য্যতে লগাব নে একেবাৰে শৌচালয় নিৰ্মাণৰ কাৰ্য্যত প্ৰয়োগ কৰিব। আমি যদি গহীনভাৱে চিন্তা কৰো মানব সমাজত কেবল তিনিটা ভাগ আছে যেনে উত্তম,মধ্যম, আৰু অধম। এতিয়া আপুনি কোনটো শ্ৰেণীৰ মানুহ হৈ জীৱন নিৰ্বাহ কৰিবলৈ বিচাৰে সেইটো কিন্তু আপুনি নিজে নিৰ্ণয় কৰক ।

           চন্দ্ৰ শেখৰ পৰাজুলী
           বিশ্বনাথ চাৰিআলি